চুবুৰীয়া ৰাজ্যৰ লগত একত্ৰিত হৈ সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিব ৰাজ্য চৰকাৰে

শেহতীয়াকৈ অসমত সৃষ্টি হোৱা পৰিস্থিতিয়ে জোকাৰি গৈছে দিছপুৰৰ লগতে ৰাজধানী দিল্লীকো ৷ বিগত সময় ছোৱাত অসমত সংঘটিত বিভিন্ন ঘটনাই জোকাৰি গৈছে কেন্দ্ৰতো ৷ ঢলাত নিৰীহ লোকৰ কৰা হত্যাকাণ্ডই জোকাৰি গৈছিল সৰ্বত্ৰে ৷ লগতে কাৰ্বি আংলঙৰ অপহৰণৰ ঘটনা ইয়াৰোপৰি বৃহস্পতিবাৰে গ্ৰেনেড বিস্ফোৰণ দুজন লোক নিহত হয় ৷ এই সমগ্ৰ ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ মাজত ৷
ইফালে বিগত কিছুদিন ধৰি ৰাজ্যখনৰ কিছুসংখ্যক যুৱক যুৱতী নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান ৷ এই সমগ্ৰ ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ গৃহ বিভাগে। এই সম্পৰ্কত বিস্তৃত আলোচনা কৰিবলৈ শুক্ৰবাৰে এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকখনত ৰাজ্যখনৰ নিৰাপত্তা সম্পৰ্কত আলোচনা কৰা হয়৷ ইফালে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়েও সহযোগিতা আগবঢ়াব।
শুক্ৰবাৰৰ এই বৈঠকখনত ৰাজ্যৰ নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা কৰা হয়।লগতে ৰাজ্যৰ সকলো জনসাধাৰণ তথা আৰক্ষীৰ সহযোগিতাৰ ভিত্তিতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলোৱাৰ সম্পৰ্কতো আলোচনা হয় বৈঠকখনত ৷ উল্লেখ্য যে,বৈঠকৰ শেষত ৰাজ্যখনৰ গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংচানে দয চেন্টিনেলৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে,আমাৰ ৰাজ্যৰ নিৰাপত্তা সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছে৷লগতে সমাজত যাতে শান্তি শৃংখলা অটুট ৰখাৰ কাৰণে আৰক্ষীক কোৱা হৈছে ৷
অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি