চুহানাই ছবিত অভিনয় কৰিলে সুখী হ’ম : বলীউড বাদশ্বাহ শ্বাহৰুখ খান

বলীউডৰ বাদশ্বাহ তথা ৰোমান্টিক কিং শ্বাহৰুখানৰ ছবি জিৰ’ই আজি মুক্তি লাভ কৰিছে ৷ ছবিখন মুক্তি লাভ কৰা প্ৰাকক্ষণত শ্বাহৰুখ খানে কয় যে, জনসাধাৰণে সেইয়াহে চাই,যি তেওঁলোকে চাই ভাল পায় বা চাব বিচাৰে । জনসাধাৰণক আকৰ্ষিত কৰিবৰ কাৰণে প্ৰত্যেকটো মিনিটত মই মোৰ বেষ্ট দিওঁ । এক সাক্ষাৎকাৰত বলীউডৰ বাদশ্বাহজনে এই মন্তব্য কৰে। জিৰ’ ছবিখনত শ্বাহৰুখ খানে "বাওনা"ৰ চৰিত্ৰত অভিনয় কৰিছে ৷
এই সন্দৰ্ভত শ্বাহৰুখ কয় যে,বাওনাৰ ভূমিকাত অভিনয় কৰাটো বহুত কষ্টকৰ আছিল ৷ দৃশ্যগ্ৰহণৰ ৮-৯ মাহৰ পিছত আমি আমাৰ কামক লৈ বহুত সুখী আছিলো। আমি ছবিখনৰ কঠিন অংশখিনিৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছিলো। লগতে কয় যে VFX অৰ্থাৎ Visual Effects য়ে আমাক বহুত সহায় কৰিলে । vfx ৰ জৰিয়তে কাম কৰাৰ কাৰণে আমাক বহুত সময়ো লাগিল ।লগতে কয়,যে আমাৰ ছবিত vfx ৰ সুবিধা নোলোৱাকৈ ভাল কাম সাধাৰণতে নহয় ৷ অন্যহাতে ছুপাৰহিট ছবি বাহুবলীকো প্ৰসংশা কৰে বাদশ্বাহে। এই সন্দৰ্ভত তেও কয় যে, বাহুবলী ছবিখনে vfxৰ পথপ্ৰদৰ্শক ৰূপে কাম কৰিছে। নতুন প্ৰযুক্তি আৰু vfx ৰ জৰিয়তে ছবি সমূহ উন্নত মানদণ্ডৰ হয় আৰু দৰ্শকে আদৰিও লয়। এই মন্তব্য বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ।
কেতিয়াবা এখন ছবিত বহুত কষ্ট কৰাৰ পিছতো কিন্তু ছবিখনে সফলতা লাভ নকৰে ৷সেই সন্দৰ্ভত শ্বাহৰুখ খানে কয় যে,ছবি এখনৰ সন্দৰ্ভত প্ৰত্যেকজন ব্যক্তিৰ নিজৰ দৃষ্টিভংগী থাকে ৷ সেই কাৰণে ছবি এখনৰ সফলতা-অসফলতাৰ চিন্তা চৰ্চা বাদ দিব লগা হয় । এখন ছবি এজনৰ ভাল লাগিব পাৰে ৷ আন এজনৰ বেয়া লাগিব পাৰে । কিন্তু এখন ছবিত যি শাৰীৰিক,মানসিক কষ্ট হয়,তাৰ পিছতো যদি ছবি এখন দৰ্শকে আকোঁৱালি নলয় ৷তেতিয়া মনটো বেয়া লগাটো স্বাভাৱিক ৷
প্ৰত্যেক জন ষ্টাৰ বা অভিনেতা,অভিনেত্ৰীয়েই বিচাৰে যে তেওঁৰ প্ৰত্যেক ছবিক অনুৰাগীয়ে আদৰি লওক ৷কিন্ত কেতিয়াবা সেয়া হৈ নুঠে ৷এই প্ৰসংগত শ্বাহৰুখ খানে কয় যে, যেতিয়া জনসাধাৰণে মোক আদৰি নলয়,তেতিয়া মই বুজি নাপাও যে,জনসাধাৰণে মোক কিয় পছন্দ নকৰিলে ৷সেই কাৰণে মই বেছি নাভাবো ৷মই জানো যে,মানুহে কি চাই ভাল পায় বা কি চাব বিচাৰে ৷
ইফালে সম্প্ৰতি,বলীউডৰ ষ্টাৰ কিড সকলে বলীউড যাত্ৰা অব্যাহত ৰাখিছে ।শ্বাহৰুখ খানৰ জীয়ৰী চুহানা খানৰ বলীউডৰ এন্টীৰ প্ৰসংগত কয় যে, চুহানাই যদি ছবি কৰিব বিচাৰে তেন্তে মই সুখী হ’ম ৷প্ৰথমতে শিক্ষাত আগবাঢ়ি যাওক৷ তাৰ পিছত সিদ্ধান্ত ল’ব ।
অনুৰাগীয়ে শ্বাহৰুখ খানক "কিং খান","বাদশ্বাহ",আৰু ৰোমান্টিক হিৰ’ নামেৰে অভিহিত কৰে ৷ এই প্ৰসংগত শ্বাহৰুখ খানে কয় যে, জনসাধাৰণে মোক প্ৰশংসা কৰে। কিন্তু মই এই কথা গভীৰ ভাৱে নলওঁ ৷ প্ৰত্যেক কামত নিজৰ ফালৰ পৰা বেষ্ট দিবলৈ চেষ্টা কৰোঁ ৷ কেতিয়াবা সেই বেষ্ট ভাল হয় আৰু কেতিয়াবা দৰ্শকে আদৰি নলয়। এই মন্তব্য শ্বাহৰুখ খানৰ ৷ কিন্তু যিয়েই নহওক শ্বাহৰুখ খানৰ প্ৰত্যেকটো ডায়ল’গ,সাৱলীল অভিনয়,প্ৰত্যেক গৰাকী অভিনেত্ৰীৰ লগত ৰোমান্টিক যুটি আদিয়ে দৰ্শকক সদায়ে আপ্লুত কৰি আহিছে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন