চুৰি কাৰ্য্যত জড়িত ৬ জন চোৰ আটক

চুৰি কাৰ্য্যত জড়িত ৬ জন চোৰ আটক
Published on

গুৱাহাটী মহানগৰীত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে চোৰ-ডকাইতৰ উপদ্ৰপ। উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিৰ ঘটনাৰ উত্তেজনা শেষ নহওঁতে মহানগৰীত নিতৌ সংঘটিত হৈছে ন ন চুৰি কাৰ্য্য। ভঙাগড় আৰক্ষীয়ে নৱেম্বৰৰ ২২ তাৰিখে চান্দমাৰী,পল্টনবাজাৰ,নুনমাটি আদি অঞ্চলত চলোৱা এক অভিযানত ছয়জনকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে।অভিযানৰ সময়ত আৰক্ষীয়ে ১২৬ টা মোবাইল ফোন,চাৰিটা টেবলেট আৰু তিনিটা লেপটপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আটক কৰা চোৰ কেইজনক কৃষ্ণাই ৰয়,জানিক আলি,সতমিধান পচোৱান,নুৰুল ইছলাম,হজৰত হক আলী আৰু আমিনুৰ হক মণ্ডল বুলি চিনাক্ত কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com