Begin typing your search above and press return to search.

"চেনাই মই যাওঁ দেই" সচাঁকৈ ঘূৰি নহাৰ বাটেৰেই গ'লগৈ দিপালী বাইদেউ

চেনাই মই যাওঁ দেই সচাঁকৈ ঘূৰি নহাৰ বাটেৰেই গলগৈ দিপালী বাইদেউ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2018 1:46 PM GMT

এটি সংগীত সত্বাৰ কায়িক দেহ আজি আমাৰ মাজৰ পৰা কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুছি গ'লগৈ। অসমৰ সমাজ জীৱনৰ এটা চিনাকি কণ্ঠ, যি কণ্ঠত নিগৰিছে "সোণৰ খাৰু নালাগে মোক",

"কণমানি বৰশীৰে চিপ", "ডালে ডালে গাই কুলি", "লুইতে নেযাবি", "কাচনমতি নদীখন", "চেনাই মই যাওঁ দেই", "খোজ লাহেকৈ দিবি" এইবোৰ সোণসেৰিয়া গীত।

সেই চিনাকি কণ্ঠৰ বাইদেউ জনী আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গ'লগৈ। হয় দিপালী বৰঠাকুৰ আৰু নাই৷আজি দুপৰীয়া ১.২৫ মিনিটত আহিল সেই অনাকংশিত বাতৰিটো। নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰিলে সুকণ্ঠী গায়িকাগৰাকীয়ে, কায়িক ভাৱে উকা কৰি আতৰি গ'ল অসমৰ সাংস্কৃতিক জগতৰ অন্যতম তাৰকা গৰাকী। বহু দিন ধৰি শয্যাগত হৈ থকা বাইদেউক এসপ্তাহৰ পূৰ্বে নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল৷আজি পুৱা অধিক সংকটজনক হৈছিল দিপালী বৰঠাকুৰৰ স্বাস্থ্য। কিন্তু মৃত্যুৰ শেষ সময়লৈ কাষত আছিল স্বামী নীলপবন বৰুৱা, যদিও তেওঁ হাস্পাতালত নিজৰ জীৱন সংগীৰ চিৰবিদায়ৰ কথা গম পোৱা নাছিল তথাপিও তেওঁৰ চকুহালে যেন কাষত থকা প্ৰত্যকজন ব্যক্তিক বুজাইছিল কিবা অনাকাংশিত, কেতিয়াও নিবিচৰা যেন কিবা ঘটিছে।

দিপালী বৰঠাকুৰৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অসমৰ সাংস্কৃতিক- সাহিত্য জগতৰ বহু শিল্পী সূৰ্য দাস,সঞ্জীৱ নাৰায়ণ ,তৰালী শৰ্মা, হাইদৰ হুছেইন, যতীন বৰা, প্ৰশান্ত ৰাজখোৱা, ৰাজেশ ভূঞা, গৰিমা গাৰ্গ আৰু বহুতো গুণমুগ্ধ সকলে নেমকেয়াৰ হাস্পাতালৰ চৌহদত আহি ভিৰ কৰেহি। হাস্পাতাল চৌহদতে নেমকেয়াৰ হাস্পাতাল কতৃপক্ষৰ লগতে অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নব দলে দিপালী বৰঠাকুৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই দিপালী বৰঠাকুৰৰ নশ্বৰ দেহ বেলতলাৰ সৌৰভ নগৰ স্থিত নিজ বাসগৃহলৈ যোৱা হয়। বেলতলাৰ গৃহতো বহুতো গুণমুগ্ধ‌ই দিপালী বৰঠাকুৰৰ শেষ মুখ খন চাবলৈ লগতে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰেহি।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে দিনৰ ১১ বজাত দিপালী বৰঠাকুৰৰ শেষকৃত্য সম্পন্ন হব।

১৯৪১ চনৰ ৩০ জানুৱাৰীত সোণাৰীৰ নীলমণি চাহবাগিছাত জন্মগ্ৰহণ কৰা দিপালী বৰঠাকুৰে অসমৰ সংগীত জগতত পঞ্চাশৰ দশকৰ পৰাই নিজৰ কণ্ঠ নিগৰাই আহিছিল। অদ্ভুত মোহিনী শক্তি আছিল, যি কণ্ঠ‌ই আজিও প্ৰজন্মৰ পৰা প্ৰজন্মক পাহৰিব দিয়া নাই দিপালী বৰঠাকুৰ বাইদেউৰ প্ৰতিটো গীত। ১৯৬৮ চনত ২৭ বছৰ বয়সত ধৰা পৰিছিল তেওঁৰ মটৰ-নিউৰণ ৰোগ, যি ৰোগৰ বাবে দিপালী বৰঠাকুৰে হেৰুৱাব লগা হৈছিল নিজৰ কণ্ঠ।১৯৯৮ চনত পদ্মশ্ৰী সন্মানো লাভ কৰিছিল দিপালী বৰঠাকুৰে। বেলতলাৰ সৌৰভ নগৰৰ সেই চিনাকি ঘৰটোৰ পৰা

দিপালী বৰঠাকুৰ বাইদেউ গ'লগৈ কিন্তু চহা অসমীয়াৰ মাজত থৈ গ'ল তেওঁৰ প্ৰতিটো কোকিল কণ্ঠৰ গীত।

অধিক খবৰৰ বাৰে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি