চোৰৰ ৰাম সাহ, এইবাৰ চুৰিহ'ল আৰক্ষীৰ চাৰ্ভিচ পিষ্টল

এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে। কিয়নো পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ পকেটৰ পৰাই হেৰাল ৯এম এম পিষ্টল। চানমাৰি থানাৰ উপ-পৰিদৰ্শক ৰাম ৰাৱাতীয়াৰ অসাৱধানতাৰ ফলতেই তেওঁৰ নিজৰ পকেটৰ পৰা নোহোৱা হ’ল চাৰ্ভিছ পিষ্টলটো।
উপ-পৰিদৰ্শকগৰাকী পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বৰ বাবে ক্ষেত্ৰীৰ এটা ভোট গ্ৰহণ কেন্দ্ৰলৈ গৈছিল ।
ভোটগ্ৰহণ অৰ্থাৎ ৫ ডিচেম্বৰৰ দিনা সন্ধিয়া প্ৰায় ৭:৩০ মান বজাত শুই থকা অৱস্থাত পিষ্টলটো হেৰুওৱা বুলি উপ-পৰিদৰ্শকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও ৰহস্য আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টো। ইফালে, এই সন্দৰ্ভত সম্প্ৰতি ক্ষেত্ৰী আৰক্ষী থানাত উপ পৰিদৰ্শকগৰাকীয়ে এজাহাৰ দাখিল কৰিছে৷ অৱশ্যে আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে ৬ ডিচেম্বৰৰ দিনা চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰেন ডেকাক পিষ্টল হেৰুৱাৰ কথাটো অৱগত কৰিছিল বুলি জানিবলৈ দিয়ে।
তাৰ পাছতেই ৰাজ্যৰ সকলো থানাতে পিষ্টল হেৰুৱাৰ খবৰটো জনাই দিয়া হৈছে বুলি আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে সাংবাদিকক জনায়। লগতে তেওঁৰে নেতৃত্বত আৰক্ষীৰ এটা দলে ক্ষেত্ৰীৰ ঔজাৰি, দুৰুং, জিয়ানপাৰ আদি অঞ্চলসমূহত পিষ্টলটোৰ বিচাৰ খোচাৰ কৰাৰ উপৰিও স্থানীয় লোকক পিষ্টলটোৰ খবৰ পালে আৰক্ষীক জনাবলৈ আহ্বান জনায় ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি