Begin typing your search above and press return to search.

চৰকাৰক শীঘ্ৰে অসমৰ চাহ বাগিচাৰ সমস্যা সমূহ সামাধানৰ আহ্বান অসমৰ চাহ মজদুৰ সংঘৰ

চৰকাৰক শীঘ্ৰে অসমৰ চাহ বাগিচাৰ সমস্যা সমূহ সামাধানৰ আহ্বান অসমৰ চাহ মজদুৰ সংঘৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2019 12:55 PM GMT

অসমৰ চাহ মজদুৰ সংঘই ৰাজ্য চৰকাৰৰ চাহ বাগিচাৰ প্ৰতি গ্ৰহণ কৰি অহা দৃষ্টি ভংগীৰ তীব্ৰ বিৰোধিতা কৰিছে। অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় কাৰ্য্যলয়ৰ উপ-সভাপতি প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক প্ৰেছ বিবৃতি যোগে জনাই যে অসমৰ বিজেপি চৰকাৰখনে চাহ শ্ৰমিক সকলক লৈ কেৱল সস্তীয়া ৰাজনীতি কৰাতে ব্যস্ত আছে। ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ জীৱনক লৈ হেতালী খেলি আহিছে। চৰকাৰে চাহ বাগিছাত গৰ্ভৱতী মহিলাক ১২০০০ টকা, চাহ শ্ৰমিক সকলৰ একাউন্টত ২৫০০ টকা, ৰেচন কাৰ্ড হ'ল্ডাৰ সকলক ৩০০০ টকা, শ্ৰমিকক চাইকেল, ম'বাইল, গেছ ইত্যাদি প্ৰদান কৰক আৰু আঁচনি সমূহ সম্পুৰ্ণৰুপে ৰূপায়ণ কৰক।

চাহুৱে চৰকাৰক উদ্দেশ্যি কয় যে চৰকাৰে ইয়াৰ উপৰিও চাহ শ্ৰমিক সকলৰ সমস্যা সমূহৰ স্থায়ী সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰক। অসমৰ চাহ উদ্যোগৰ লগত বৰ্তমানে প্ৰায় ১ কোটিতকৈও অধিক লোক জড়িত হৈ আছে। চাহ উদ্যোগটো ধ্বংস হৈ গলে ভবিষ্যতে এই বৃহৎ সংখ্যক লোকৰ পানীত হাঁহ নচৰা অৱস্থা হব। ৰাজু চাহুৱে বৰ্তমান অসমৰ চাহ বাগিছা সমূহৰ জৰাজীৰ্ণ অৱস্থা সমূহলৈ আঙুলিয়াই দি কয় যে অসমৰ চাহ বাগিছাৰ বেয়া অৱস্থাৰ বাবে বৃহৎ কোম্পানী বোৰে ৰাজ্যৰ চাহ বাগিছা সমূহ বিক্ৰী কৰি পলায়ণ কৰিবলৈ আৰম্ভ কৰিছে। মেকলিন মেগৰ কোম্পানীৰ ১২ খন, অসম কোম্পানীৰ ১৫ খন চাহ বাগিছা ইতিমধ্যে বিক্ৰী হৈছে। ভাৰতৰ প্ৰসিদ্ধ টাটা গ্ৰুপেও চাহ বাগিছা বিক্ৰী কৰাৰ বাবে যোঁজা চলাইছে। অসম চৰকাৰে নিজেই চাহ বাগিছা সমূহ চলাব নোৱাৰা হৈছে। অসম চৰকাৰৰ চাহ বাগিছাৰ শ্ৰমিক সকলে চাহ বাগিছা সমূহত মাত্ৰ ১১৫ টকা দৈনিক হাজিৰাত কাম কৰি আহিছে আৰু কোনো ধৰণৰ সুবিধা শ্ৰমিক সকলে লাভ কৰা নাই।

অসমত প্ৰায় ১০০০ খন কোম্পানীৰ চাহ বাগিছা আছে আৰু প্ৰায় ১৩০০০০ খন ক্ষুদ্ৰ চাহ বাগিচা আছে। কোম্পানীৰ চাহ বাগিচা সমূহত ১ কেজি চাহপাত প্ৰস্তুত কৰাৰ বাবে কোম্পানীৰ প্ৰায় ১০০ টকা খৰছ হয় আৰু ক্ষুদ্ৰ চাহ বাগিচা সমূহত খৰছ হয় প্ৰায় ২০০ টকা। ক্ষুদ্ৰ চাহ বাগিচা সমূহত ঘৰ-দুৱাৰ, পি,এফ, গ্ৰেচুইটি, ছুটি পইচা আদিৰ কোনো ধৰণৰ সুবিধা নাই। সীঘ্ৰেই এই সমূহ চাহ বাগিচাৰ অৱস্থাৰ উন্নতি কৰাৰ বাবে চৰকাৰক আবেদন জনাইছে ৰাজু চাহুৱে।

অসমৰ চাহ উদ্যোগৰ অৱস্থা যাতে পশ্চিম বংগৰ চাহ উদ্যোগৰ দৰে নহয় সেই ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি