চৰকাৰ ডিমা হাচাওৰ বিকাশৰ বাবে বদ্ধপৰিকৰ: মুখ্যমন্ত্ৰী

অসমৰ বিজেপি চৰকাৰ খন ডিমা হাচাওৰ সৰ্বস্তৰৰ বিকাশৰ বাবে বদ্ধপৰিকৰ। শুক্ৰবাৰে হাফলং ভ্ৰমণৰ সময়ত এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ। শুক্ৰবাৰে মুখ্যমন্ত্ৰী সোণোৱালে বিশেষ হেলিকপ্তাৰেৰে হাফলং চহৰৰ ললাফিল্ডত নবনিৰ্মিত জৈবিক বজাৰ পৰিদৰ্ষণ কৰে। সোণোৱালে এই ভ্ৰমণৰ সময়ছোৱাত হাফলং স্থিত ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত জিলা কাৰ্য্যলয় অটল বিহাৰী বাজপেয়ী ভৱনৰ মুখ্যদ্বাৰ উদ্ধোধন কৰে, তাৰ পিছত এখন দলীয় সাংগঠনিক কৰ্মী সভাতো ভাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। হাফলঙত অনুষ্ঠিত দলীয় কৰ্মী সভাত মুখ্যমন্ত্ৰী সোণোৱালে হাফলঙত অতি সোনকালে অসম বিশ্ব বিদ্যালয়ৰ কেম্পাচ স্থাপন কৰা হব বুলি ঘোষণা কৰে। ৰাজ্যৰ ১৯ খন জিলাৰ লগতে ডিমা হাচাও জিলাটো কেন্সাৰ কেয়াৰ চিকিৎসালয় স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে, ইয়াৰ বাবে উমৰুংশুৰ লাংখুকৰ ৩৫০ মেগাৱাট উৎপাদন ক্ষমতাৰ লোৱাৰ কপিলী হাইড্ৰো ইলেক্ট্ৰিক প্ৰকল্পৰ কাম অধিক তৰান্বিত কৰাৰ কথা ভাষণত উল্লেখ কৰে। মূখ্যমন্ত্ৰী সোণোৱালে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনৰ কাম-কাজক প্ৰসংশা কৰি চৰকাৰ খনে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্প আৰু উন্নয়নমূলক কামৰ কথা ভাষণত ডাঙি ধৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰে ডিমা-হাচাও পাৰ্বত্য জিলা পৰিষদৰ কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচাই। গাৰ্লোচাই ভাষণ প্ৰসংগত পৰিষদৰ সাধাৰণ কৰ্মচাৰীৰ দহ মাহৰ বেতন প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে। বিজেপি দলৰ ডিমা হাচাও পাৰ্বত্য জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়ণ মূলক কাম কাজ দেখি বিৰোধী দলৰ প্ৰতিনিধি সকলৰ টোপনি নহা হৈছে বুলি মন্তব্য কৰে গাৰ্লোচাই। জনসাধৰণৰ ওচৰলৈ বিৰোধী দলৰ প্ৰতিনিধি সকলৰ যোৱা পথ বন্ধ হৈ পৰিছে বুলি কয় গৰ্লোচাই চলিত কাৰ্য্যকালত ডিমা হাচাওত কৰ্মচাৰী সকলক বেতন প্ৰদান কৰা হৈছে, ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত পকী ঘৰ নিৰ্মান কৰা হৈছে, স্বাস্থ্য বীমা যোজনা, ৰন্ধন গেছৰ সংযোগ আদি সকলো স্তৰতে উন্নয়ন হৈছ বুলি ভাষণত কয়। মুখ্যমন্ত্ৰী সোণোৱালৰ হাফলং ভ্ৰমণৰ সময়ত সংগ প্ৰদান কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু পাৰ্বত্য অঞ্চল উন্নয়ণ বিভাগৰ বিভাগীয় মন্ত্ৰী চুম ৰহাঙে। সোণোৱালে পাৰ্বত্য জিলাখনৰ জনসাধাৰণক বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলৰ মাজত শান্তি-সম্প্ৰিতি অটুত ৰখা আৰু ভাতৃত্ব বোধেৰে জীৱন নিৰ্বাহ কৰা মানসিকতাক প্ৰসংশা কৰে।ডিমা-হাচাও এখন প্ৰাকৃতিক ভাবে অতি সুন্দৰ ঠাই আৰু ইয়াৰ জনসাধাৰণে অনাগত দিনত চৰকাৰৰ সহযোগত ইয়াক এখন আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। অসম চৰকাৰে ডিমা হাচাওৰ বিকাশৰ বাবে কোনোধৰণৰ কৃপণালি নকৰে আৰু এইবাৰ বাজেটত চৰকাৰে ডিমা হাচাও পাৰ্বত্য জিলা খনৰ বাবে বাজেটত ধন ১৪৬ কৌটি টকাৰ পৰা ১৬১ কৌটি টকালৈ বৃদ্ধি কৰা বুলিও কয়।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি