চৰাইদেউ আৰু শিৱসাগৰ জিলাত অপৰাধী গ্ৰেপ্তাৰ

ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে শন্ত্ৰাসবাদী আৰু অপৰাধমূলক কাৰ্য্যকলাপ। এই অপৰাধমূলক কাৰ্য্যকলাপ হ্ৰাস কৰাৰ লক্ষ্যৰে সেনা বাহিনীয়ে দীৰ্ঘদিনৰ পৰা অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশস্বৰূপে ভাৰতীয় সেনা বাহিনীৰ ডাও ডিভিজনে ৰবিবাৰে নিশা চৰাইদেউ জিলাৰ কানুবাৰী অঞ্চলৰ পৰা দুজন অপৰাধীক কৰায়ত্ত কৰে। ভাৰতীয় সেনাবাহিনীৰ নিয়মীয়া পহৰাৰ অংশস্বৰূপে টহলদাৰী সেনা জোৱানৰ দলে অসম আৰু অৰুণাচল সীমান্তৰ কানুবাৰী সীমান্ত এলেকাৰ পৰা অপৰাধী দুজনক কৰায়ত্ত কৰে। কৰায়ত্ত কৰা অভিযুক্ত অপৰাধী দুজন অৰুণাচল প্ৰদেশৰ লাখন বস্তিৰ ৰেম বেহুন(৩২) আৰু টেজো ওজাম (২৭) বুলি চিনাক্ত কৰা হৈছে। কৰায়ত্ত কৰা অপৰাধী কেইজনৰ পৰা দুটা ৰাইফল, ষাঠিটা বুলেট আৰু সন্দেহযুক্ত গোলা বাৰুদ জব্দ কৰা হয়। সেনাবাহিনীৰ দলটোৱে দুয়োকে চৰাইদেউ জিলাৰ সাপেখাটী আৰক্ষী চকীলৈ অধিক সোধা-পোঁচাৰ বাবে লৈ আহে। আনহাতে অন্য এক অনুৰূপ অপৰাধ মূলক ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাৰ হালোৱা টিঙ আৰক্ষীয়ে সাতজন সন্দেহযুক্ত লোকক ভাৰতীয় ষ্টেট বেংকৰ এটিএম চুৰি কৰাৰ সন্দেহত ৰবিবাৰে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চোৰ কেইজনক তিনিটা ভাৰতীয় ষ্টেট বেংকৰ এটিএম চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা চোৰ কেইজনে শিৱসাগৰ জিলাৰ আমগুৰি আৰু টিয়ক অঞ্চলত এটিএম চুৰি কৰিছিল।
গ্ৰেপ্তাৰ কৰা চোৰ কেইজন মাজুলীৰ পংকজ দলে, গুৱাহাটীৰ মিণ্টু ৰায়, উত্তৰ লখীমপুৰৰ লাখী পেগু, নলবাৰীৰ পুতুল আলি, গোলাঘাটাৰ ৰাহুল হাজৰিকা, উত্তৰ লখীমপুৰৰ সঞ্জীব দলে আৰু নলবাৰীৰ আদিল আলী বুলি চিনাক্ত কৰা হৈছে। আন্তঃ ৰাজ্যিক অপৰাধী চক্ৰটোৰ পৰা দলটোৱে ব্যৱহাৰ কৰা As-14-H-6433 নম্বৰৰ এখন মাৰুটি ভেন জব্দ কৰে।অপৰাধী কেইজনক শিৱসাগৰ আৰক্ষীয়ে ১২ দিনৰ বাবে ন্যায়িক জিম্মাত লৈছে। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে ধন দাবী, হত্যা আদিৰ দৰে অপৰাধ মূলক ঘটনা।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি