চৰাইদেউ মৈদাম বেদখলৰ বিৰুদ্ধে চাৰি সংগঠনৰ প্ৰতিবাদ

চৰাইদেউ মৈদাম বেদখলৰ বিৰুদ্ধে চাৰি সংগঠনৰ প্ৰতিবাদ
Published on: 

আহোম ৰাজত্বৰ প্ৰথম ৰাজধানী চৰাইদেউৰ মাটি দখলত নামিল দাৰ্জিলিং অৰ্গেনিক টি কোম্পানীৰ চৰাইদেউ চাহ বাগিছাই।আহোমৰ ঐতিহ্যক কুঠাৰঘাট কৰাৰ কাৰ্যৰ প্ৰতিবাদত সোণাৰিৰ চাৰি সংগঠনৰ মৈদামস্হলীৰ সন্মুখত অৱস্হান ধৰ্মঘটৰূপায়ন কৰি জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।মৈদামস্হলীত আছু,আটাছু,টাই আহোম যুৱ পৰিষদ আৰু যুৱ ছাত্ৰ পৰিষদৰ তিনি ঘণ্টীয়া ধৰ্মঘট ৰূপায়ন কৰি অনা অসমীয়া দাৰ্জিলিং কোম্পানীৰ চৰাইদেউ চাহবাগিচাৰ অসম বিৰোধি কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি অনতি পলমে বেদখল মুক্ত কৰিবলৈ দাবী জনায়।উল্লেখযোগ্য যে বিগত সময়ত চৰাইদেউ জিলা প্ৰশাসনে চৰাইদেউ মৈদামস্হলীত ৰোপণ কৰা গছ পুলি কাটি চাহ পুলি ৰোপণ কৰাৰ বিষয়টোৰ ওপৰতো এটি অনা অসমীয়া বণিক কোম্পানীয়ে কি দৰে সাহস কৰিলে তাৰ ওপৰতো তদন্তৰ দাবী উত্থাপন কৰে চাৰি সংগঠনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com