Begin typing your search above and press return to search.

চৰাইদেও জিলাত চোৰাংকাঠ জব্দ

চৰাইদেও জিলাত চোৰাংকাঠ জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2018 7:48 AM GMT

চৰাইদেে জিলাৰ অন্তৰ্গত অভয়াপুৰ বনানঞ্চল সমীপত যোৱা মঙলবাৰে নিশা সোনাৰি উপসীমাৰ বন বিষয়াই চোৰাংকাঠ জব্দ কৰিবলৈ সক্ষম হয় । এএচ-০৪-বিচি-০৮১২নম্বৰত পঞ্জীভুক্ত কৰি থোৱা সৰু ট্ৰাক এখন জব্দ কৰে । জানিব পৰা তথ্যানুসৰি,ট্ৰাক খনৰ গৰাকী নাজিম আলী আৰু হবিব আলী নামৰ ব্যক্তি জনৰ কাঠৰ দোকানৰ পৰা কাঠ খিনি আনিছিল বুলি জানিব পৰা যায় । বন বিষয়াই জনোৱা মতে,তেওঁলোকে সঠিক নথি পত্ৰ দিব নোৱাৰাৰ বাবে কাঠ অনা ট্ৰাক খন জব্দ কৰি ৰাখে আৰু ঘটনাটি পঞ্জীয়ন কৰা হয় ।

Next Story
চাকৰি