ছাত্ৰ ছাত্ৰীক প্ৰেৰণা দুবাৰকৈ পুলিৎঝাৰ বটাঁ বিজয়ী প’ল চাল’পেকৰ

দুবাৰকৈ পুলিৎঝাৰ পুৰস্কাৰ বিজয়ী বৈজ্ঞানিক,আন্তঃৰাষ্ট্ৰীয় সংবাদকৰ্মী প’ল চাল’’পেকে মংগলবাৰে ৰয়েল গ্ল’বেল ইউনিভাৰচিটীত দ্য আৰ্ট অফ ষ্ট’ৰী টেলিং এণ্ড ৱাকিংৰ সন্দৰ্ভত সংবাদমাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মতবিনিময় কৰে ৷ মত বিনিময়ৰ সময়ত প’ল চাল’’পেকে ছাত্ৰ ছাত্ৰীসকলক পৃথককৈ চিন্তা চৰ্চা কৰিবলৈ কোৱাৰ লগতে বিশ্বৰ বিভিন্ন গোপন স্থানত থকা বিষয়সমূহক আৱিস্কাৰ কৰাৰ কাৰণে অনুপ্ৰেৰণা দিয়ে ৷
প’ল শ্ল’পকে বৰ্তমান যুগৰ সকলো বিষয়ক একত্ৰিত কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে ৷ জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি,সাংস্কৃতিক পৰিৱৰ্তন,প্ৰযুক্তি বিদ্যা সকলো সামৰি নিজৰ মন্তব্য দিয়ে ৷ প’ল চাল’পেকে নিজৰ শব্দক আলোকচিত্ৰ,ভিডিঅ’,অডিঅ’ আদিৰ জৰিয়তে প্ৰকাশ কৰে ৷ প’ল চাল’পেকৰ কাহিনীত গাঁৱৰ বাসিন্দা,ব্যৱসায়ী,কৃষক,সেনা জোৱানসকলে স্থান পায় ৷
চাল’পেকে ২০১৩ চনত আফ্ৰিকাৰ পৰা ইথিউপিয়াৰ লগতে মধ্যপূব আৰু এছিয়া,আলাস্কাৰ মাধ্যমেৰে চিল্লীৰ দক্ষিণ অংশৰ পৰা আমেৰিকাৰ পশ্চিমী বিভিন্ন ঠাইত খোজকাঢ়ি উপস্থিত হয়। এই যাত্ৰাটোক কোৱা হৈছিল আউট অফ ইডেন ৱাক। প’লে মন্তব্য কৰে যে পৰিভাষা অনুসৰি ভ্ৰমণে পৰিপক্ক কাহিনীকাৰ হোৱাত সহায় কৰে ৷
ইফালে এই অনুষ্ঠানত কটন কলেজ,গুৱাহাটী বিশ্ব বিদ্যালয়,জেবি ল’ কলেজৰ দৰে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল ৷ অনুষ্ঠানটোত প’ল চাল’পেকৰ উপৰিও প্ৰিয়াংকা বৰপুজাৰীয়েও অংশ লয় । প্ৰিয়াংকা বৰপূজাৰী হৈছে এগৰাকী সংবাদ কৰ্মী ।আৰু প’ল চাল’পেকৰ ভাৰতীয় সহযোগী ৷ অন্যহাতে অনুষ্ঠানটোত প’ল চাল’পেক আৰু প্ৰিয়াংকা বৰপুজাৰীৰ লগত উপস্থিত ছাত্ৰ ছাত্ৰীসকলে মত বিনিময় কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি