ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ বেগৰ সন্দৰ্ভত মানৱ সম্পদ উন্নয়ন বিভাগৰ এক বিশেষ পদক্ষেপ

ছাত্ৰ ছাত্ৰী সকলৰ ক্ষেত্ৰত এটি প্ৰশ্নৰ প্ৰায়ে সন্মুখীন হয় যে , বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ বোজা হ্ৰাস কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বনে? এই সন্দৰ্ভত মানব সম্পদ উন্নয়ন বিভাগে লোৱা নীতি নিৰ্দেশনাসমূহত ৰাজ্য চৰকাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষক একাধিক বাৰ নিৰ্দেশ দিয়াৰ পিছতো কিন্তু,এই নীতি নিৰ্দেশনাসমূহ উপেক্ষিত হৈ ৰৈছে অসমত ৷
মানব সম্পদ উন্নয়ন বিভাগৰ দ্বাৰা দিয়া নীতি নিৰ্দেশনাৰ অনুযায়ী প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ৰ কিতাপৰ বোজাৰ ওজন ১.৫ কিলোগ্ৰাম,তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ৰ কিতাপৰ বোজাৰ ওজন ২ ৰ পৰা ৩ কিলোগ্ৰাম,পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ ওজন ৪ কিলোগ্ৰাম,অষ্টম পৰা নৱম শ্ৰেণীলৈকে কিতাপৰ ওজন ৪.৫ কেজি আৰু দশম শ্ৰেণীত কিতাপৰ ওজন হ’ব প্ৰায় ৫ কেজি ৷ৰাজ্যৰ শিক্ষা বিভাগে বহু বাৰ চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে যে বিদ্যালয়ৰ কিতাপৰ বেগসমূহৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি নিৰ্দেশনাৰ পালন কৰক ৷
ব্যক্তিগত বিদ্যালয়ৰ অধ্যয়নৰত এজন ছাত্ৰৰ মাতৃ নমিতা দাসে বিদ্যালয়ৰ কিতাপৰ বেগৰ সন্দৰ্ভত কয় যে মোৰ অনুভৱ হয় মোৰ পুত্ৰৰ বিদ্যালয়ৰ বেগৰ ওজন বহুত বেছি ৷ শিক্ষকে সকলো কিতাপ বিচাৰে ৷ টিফিন বক্স আৰু পানী বটলো স্কুল বেগটোতেই দিব লগা হয়। সপ্তম শ্ৰেণীত অধ্যয়নৰত অন্য এগৰাকী ছাত্ৰৰ মহেশ শইকীয়াই কয় যে কেতিয়াবা বিদ্যালয়ৰ শ্ৰেণীসমূহ দ্বিতীয় বা তৃতীয় মহলাত থাকে ৷ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ কিতাপৰ বেগৰ লগত এনেধৰণৰ শ্ৰেণীগৃহত উপস্থিত হ’ব লগা হয় ৷মোৰ পুত্ৰই কেতিয়াবা পিঠিৰ বিষৰ কথা কয়। আৰু ইয়াৰ কাৰণে নিজৰ স্কুল বেগৰ ওজনৰ কথা কয় ৷গতিকে মানব সম্পদ বিকাশ মন্ত্ৰ্যালয়ে যি নীতি নিয়ম কৰিছে। তাৰ সন্মান জনাব লাগে বিদ্যালয়ৰ কৰ্তৃপক্ষই ৷
দ্বিতীয়তে,অন্য এজন ৰাজ্যৰ শিক্ষা বিভাগৰ এজন বিষয়াই কয় যে আমি বিদ্যালয়ৰ কৰ্তৃপক্ষক মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ নীতি নিয়মক পালন কৰিবলৈ নিৰ্দেশ দিছো। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিতাপৰ বোজা হ্ৰাস কৰাতো তেওঁলোকৰ কৰ্তব্য ৷ইয়াৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে চলিত বৰ্ষৰ ৩০ মে’ৰ ভিতৰত মানৱ সম্পদ বিভাগে নিৰ্ধাৰিত কৰা নীতি নিৰ্দেশনাসমূহ পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছে ৷ কামৰূপ জিলা প্ৰশাসনে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ কিতাপৰ বেগ পৰিদৰ্শন কৰিবলৈ এটা দল গঠন কৰে ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি