Begin typing your search above and press return to search.

ছানৰাইজ ইউথ ক্লাবে নিৰ্মান কৰি উলিয়াইছে ৩.৫কিঃমিঃ দৈৰ্ঘ্যৰ জাতীয় পতাকা

ছানৰাইজ ইউথ ক্লাবে নিৰ্মান কৰি উলিয়াইছে ৩.৫কিঃমিঃ দৈৰ্ঘ্যৰ জাতীয় পতাকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:23 AM GMT

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত উপৰখূটী গাঁওৰ ছানৰাইজ ইউথ ক্লাবে এইবাৰৰ স্বাধীনতা দিৱসৰ বাবে সাজি উলিয়াইছে বিশ্ব ৰেকৰ্ড কৰা ৩.৫কিঃমিঃ দীঘল আৰু ৬ফুট বহলৰ জাতীয় পতাকা। জুলাইৰ ১তাৰিখৰ পৰাই ৬টাকৈ চিলাই মেচিনৰ সহায়ত জাতীয় পতাকা চিলাই কৰাত ব্যস্ত হৈ পৰে ক্লাৱৰ সদস্যসকল।সেই বিশেষ দিনটোৰ প্ৰস্তুতি কৰিছে চাৰিজনকৈ দৰ্জীয়ে দিনে ৰাতিয়ে চিলাইৰ কাম কৰিছে।

জানিব পৰা তথ্যানুসৰি,ছানৰাইজ ক্লাৱৰ উপদেশকৰ্মী কৃষ্ণাৰাজ সেনগ্ৰলা,অধ্যক্ষ বাপন দাস আৰু সম্পাদক ৰঞ্জন শৰ্মাই মত প্ৰকাশ কৰি কয় যে,নৱ প্ৰজন্ম সকলৰ মনত দেশ প্ৰেমমূলক ভাৱ গঢ়ি উঠাবলৈ আৰু হিমা দাসৰ সাফল্যতা পালন কৰিবলৈ এই পদক্ষেপ গ্ৰহন কৰা হৈছে।ইয়াৰ উপৰিও স্বাধীনতা দিৱসৰ দিনা খন ক্লাৱটোৱে গুৱাহাটী গোৰেশ্বৰৰ পৰা বগামাটি গড়কাপ্তানী পথলৈ এক শোভাযাত্ৰা উলিয়াই স্থানীয় ৰাইজ সকলৰ মাজত চিৰদেশ প্ৰেম মূলক ভাব বাৰ্তা প্ৰেৰন কৰিব।পতাকা খনৰ প্ৰায় ৮০শতাংশ কাম ইতিমধ্যে শেষ হৈছে।

আগতে ৩.৩কিঃমিঃ দীঘল পতাকা উত্তোলন কৰা হৈছে যদিও ছানৰাইজ ক্লাৱে সাজি উলিয়াও এইবাৰৰ আটাইতকৈ দীঘল পতাকা।ক্লাৱটোৰ সদস্য সকলে আশা কৰিছে যে গিনীছ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হ'ব।

Next Story
চাকৰি