Begin typing your search above and press return to search.

পুলোৱামা কাণ্ডত ১২ দিনৰ পাছত পাকিস্তানক উৎচিত প্ৰত্যুত্তৰ ভাৰতৰ: ছাৰ্জিকেল ষ্ট্ৰাইক সন্ত্ৰাসবাদীৰ ঘাটিত

পুলোৱামা কাণ্ডত ১২ দিনৰ পাছত পাকিস্তানক উৎচিত প্ৰত্যুত্তৰ ভাৰতৰ: ছাৰ্জিকেল ষ্ট্ৰাইক সন্ত্ৰাসবাদীৰ ঘাটিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Feb 2019 7:31 AM GMT

পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ। পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনা ৰ আক্ৰমণ। ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত কাণ্ডৰ ১২ দিনৰ পাছতে ভাৰতৰ এয়াৰ ষ্ট্ৰাইক পাক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত । পাক অধিকৃত কাশ্মীৰৰ বালাকোটত বৃহৎ বিস্ফোৰণ| মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ বায়ুসেনাৰ। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ। ভাৰতীয় বায়ু সেনাই গোৱালিয় বিমান কোঠৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ।প্ৰায় ২০০ৰ পৰা ৩০০ সন্ত্ৰাসবাদী নিহত। পাক অধিকৃত কাশ্মীৰত জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ। বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানৰ LoC অতিক্ৰম। জইছ ঈ মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস এই আক্ৰমণত।২১ মিনিট ধৰি সন্ত্ৰাসবাদীৰ ঘাটিত একেৰাহে আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ। চকোটি আৰু মুজফ্ফৰবাদতো আক্ৰমণ বায়ুসেনাৰ। বৰ্বৰ পুলৱামাকাণ্ডৰ ১২ দিনৰ পিছত ১২ খন বিমানেৰে আক্ৰমণ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে অভিযানৰ কথা জনাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সীমান্তৰ সকলো নিৰাপত্তাৰক্ষীক সতৰ্ক কৰা হৈছে। কূটাঘাতৰ আশংকাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে সীমান্তত।

১৪ ফেব্ৰুৱাৰীত পাকিস্তানী সন্ত্ৰাসবাদীৰ সংগঠন জেইছ ই-মহম্মদে পুলোৱামাত বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল। এই আক্ৰমণত ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল। যি ঘটনাই সমগ্ৰ দেশবাসীৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিল । প্ৰত্যেক জন ভাৰতীয়ৰ এটাই দাবী আছিল " ভাৰতৰ সেনাৰ মৃত্যুৰ প্ৰত্যুত্তৰ লাগে "। পুলোৱামা কাণ্ডৰ ১২ দিনৰ পাছত পাকিস্তানক উৎচিত প্ৰত্যুত্তৰ দিয়ে । পুলোৱামা কাণ্ডৰৰ পাছত পাকিস্তানক সমগ্ৰ বিশ্বয়ে নিন্দা কৰিছিল । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সকিয়নি প্ৰদান কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কথাৰ সুৰ সলনি হোৱাৰ পৰিলক্ষিত হৈছিল । পুলোৱামা কাণ্ডৰ পাছত পাকিস্তানে জানিছিল যে ভাৰত কেতিয়াও মনে মনে বহি নাথাকে । সেয়েহে ভাৰতৰ প্ৰত্যাক্ৰমনৰ আশংকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শান্তিৰ কাৰনে এটি সুযোগ দিবৰ বাবে আহ্বান জনাইছিল।

ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক জনাব বায়ুসেনা প্ৰধানে।ভয়ংকৰ আক্ৰমণৰ কথা স্বীকাৰ পাকিস্তানী সেনাৰ। টুইটাৰত আক্ৰমণৰ কথা স্বীকাৰ পাকিস্তান সেনাৰ মেজৰ জেনেৰেল আছিফ গফুৰৰ।ভাৰতৰ আক্ৰমণত কঁপিছে পাকিস্তান। পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ জৰুৰী বৈঠকৰ আহ্বান। ভয়ংকৰ আক্ৰমণৰ পিছতে আহ্বান জৰুৰী বৈঠকৰ।ভাৰতীয় সেনাই সীমা ৰেখা অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰৰ মোজাফাৰাবাদ ৩-৪ মাইল অতিক্ৰম কৰি আক্ৰমণ কৰে । পাকিস্তান সেনাৰ মেজৰ জেনেৰেল আছিফ গফুৰে টুইটাৰত এই মন্তব্য কৰে ।

পাক অধিকৃত কাশ্মীৰত ভাৰতৰ এইটো দ্বিতীয় ছাৰ্জিকেল ষ্ট্ৰাইক । প্ৰথমটো ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল পাঠানকোঠ , উৰিৰ আক্ৰমণৰ পাছত । দ্বিতীয়টো অৰ্থাৎ পুলোৱামা কাণ্ডৰ পাছত আজি পুৱতি নিশা সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰে ।

ঘটনা সন্দৰ্ভত আলোচনাত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰতিৰক্ষা আৰু বিত্ত মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত। আক্ৰমণ সন্দৰ্ভত বিতং আলোচনা ২ মন্ত্ৰীৰ সৈতে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত হৈছিল CCSৰ বৈঠক। বিদেশ সচিবৰ সংবাদমেল। দিল্লীত বিদেশ সচিবৰ সংবাদমেল। ‘১৪ ফেব্ৰুৱাৰীত পুলৱামাত আক্ৰমণ হৈছিল, ২০ বছৰে পাকিস্তানত জঈছ-ঈ–মহম্মদ সক্ৰিয় আছিল, পাকিস্তানে ভাৰতৰ অভিযোগ বাৰে বাৰে নাকচ কৰিছিল, পুলৱামাকাণ্ডৰ আঁৰত জড়িত আছিল জঈছ।’– সংবাদমেলত এই মন্তব্য বিদেশ সচিবৰ। ‘বালাকোটত বিমানেৰে আক্ৰমণ কৰিছিল বায়ুসেনাই, জঈশ-ঈ-মহম্মদৰ বৃহত্‍ ঘাটি ধ্বংস কৰা হ’ল, আক্ৰমণত জঈছৰ শীৰ্ষ কমাণ্ডাৰ নিহত হোৱাৰ লগতে প্ৰশিক্ষণৰত সন্ত্ৰাসবাদীও নিহত হৈছে, জঈছৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো জৰুৰী হৈ পৰিছিল।’– আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে বিদেশ সচিবে। জঈছে পুনৰ আক্ৰমণৰ প্ৰস্তুতি চলাইছিল ভাৰতত যাৰ বাবে ব্যৱস্থা লোৱাটো জৰুৰী হৈ পৰিছিল।

‘IAFৰ পাইলটসকলক চেল্যুট জনাইছোঁ’টুইটাৰত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ|

Next Story
চাকৰি