ছেবায়ে মাজনিশা ফলাফল ঘোষণা কৰা সিদ্ধান্তৰ বিৰোধিতা

ছেবায়ে মাজনিশা ফলাফল ঘোষণা কৰা সিদ্ধান্তৰ বিৰোধিতা
Published on

ছেবায়ে ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল মাজনিশা ঘোষণা কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰাৰ পাছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী প্ৰনব জ্যোতি নাথে প্ৰকাশ কৰে যে , " ফলাফল সমুহ মাজনিশা প্ৰকাশ কৰা প্ৰয়োজনীয় নহয়। মাজনিশা প্ৰকাশ কৰিলে ছাত্ৰ ছাত্ৰী সকলৰ মাজত উদ্বেগ বৃদ্ধি পোৱাৰ লগতে মাজনিশালৈকে উজাগৰে থাকিব লাগিব । পুৰ্বৰ বৰ্ষৰ নিচিনাকৈয়ে এই বছৰো দিনৰ ১১ বজাৰত ফলাফল ঘোষণা কৰিব লাগে ।"

চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয় সমূহৰ শিক্ষক সকলে ছেবাৰ এই সিদ্ধান্ত বিৰোধিতা কৰিছে । চৰকাৰী বিদ্যালয় এগৰাকী শিক্ষকে প্ৰকাশ কৰে যে মাজনিশা ফলাফল ঘোষণা কৰিলে সমস্যা সৃষ্টি হব । দেশৰ কোনো শিক্ষা বৰ্ডে মাজনিশা ফলাফল ঘোষণাৰ ৰেকৰ্ড নাই বুলিও প্ৰকাশ কৰে ।

ছেবাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে মাজনিশা ফলাফল ঘোষণা কৰিলে আগতীয়াকৈ সংবাদ মাধ্যমে কৰা অসুবিধাজনক প্ৰশ্নৰ পৰা আতৰি থাকিব পাৰি।

সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা ৰ ফলাফল সমুহ আগতীয়াকৈ বিদ্যালয় সমূহলৈ আৰু স্থানীয় সংবাদ মাধ্যমলৈ পঠিয়াই দিয়ে ছেবায়ে । লগতে ছেবায়ে ফলাফল ঘোষণা কৰাৰ সময়ত অৰ্থাৎ ১১ বজাৰত ফলাফল সমুহ প্ৰকাশ কৰিবলৈ কোৱা হয় । কিন্তু শেহতীয়াকৈ কেইবছৰ মান ধৰি স্থানীয় সংবাদ মাধ্যমে ফলাফল সমুহ দিনৰ ১১ বজাৰৰ পুৰ্বে প্ৰকাশ কৰে ফলাফল ।

২০ মেৰ পুৰ্বে ছেবায়ে ফলাফল ঘোষনা কৰিব বুলি প্ৰকাশ কৰিছে । বহু সংখ্যক শিক্ষক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু লোকসভা নিৰ্বাচনত ব্যস্ত হৈ থকাৰ বাবে ফলাফল ঘোষণা কৰাত পলম হৈছে বুলি প্ৰকাশ কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩,৪২,৭০২ পৰীক্ষাৰ্থী আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৯,৪৪১ জন পৰীক্ষাৰ্থী এই বছৰ অবৰ্তীন হৈছিল ৪৫৭ টা পৰীক্ষা কেন্দ্ৰত ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com