
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা এছিয়ান গেমছৰ ২০০ মিটাৰ দৌৰত ভুল আৰম্ভনি কৰি ছেমিফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে। ভুল আৰম্ভণিৰ বাবে ছেমি ফাইনেলত ভাগ ল’ব নোৱাৰিলে হিমা দাসে। সময়তকৈ পূৰ্বে দৌৰ আৰম্ভ কৰে হিমাই। দ্বিতীয় বাৰত বাহৰেইনৰ এগৰাকী প্ৰতিযোগীৰো ‘ফল্ছ ষ্টাৰ্ট’। প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিলে দুয়োগৰাকী খেলুৱৈয়ে। এই খবৰে হতাশ কৰিছে দেশৰ কোটি কোটি হিমাৰ অনুৰাগীক।হিমাৰ পৰা আৰু এটা পদক জয়ৰ বাবে নিশ্চিত আছিল দেশবাসী।এতিয়া ৪০০ মিটাৰ ৰেলিৰ জড়িয়তে হিমাৰ পৰা পদক আশা কৰিছে দেশৰ ক্ৰিয়াপ্ৰমীয়ে।