Begin typing your search above and press return to search.

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী সন্থাৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jan 2019 9:39 AM GMT

ৰাজ্যত সম্প্ৰতি প্ৰতিবাদৰ জোঁৱাৰ অব্যাহত আছে ৷ এফালে যদি নাগৰিকত্ব সংশোধনী বিৰুদ্ধে প্ৰতিবাদ আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শেহতীয়াকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি তুলিছে জনগোষ্ঠীয় সংগঠনে। সমন্বয় সমিতি জনগোষ্ঠীয় সংস্থাই জনজাতিকৰণৰ বিৰোধিতা কৰি ৰাজ্য সভাত উত্থাপন হোৱা বিল খন উঠাই লবলৈ তীব্ৰ আহ্বান জনাইছে। সমন্বয় সমিতি জনগোষ্ঠীয় সংস্থাই উল্লেখ কৰে যে যদিহে এই বিলখন উঠাই নলয় তেনেহলে জনগোষ্ঠীয় লোকসকলৰ সুৰক্ষা কবচ আৰু অধিকাৰ সমূহ নাইকিয়া হৈ যাব।

এই সন্দৰ্ভত Coordination Committee Of the Tribal Organizations of Assam অৰ্থাৎ (CCTOA)কোটাই কয় যে হ’বলগীয়া সদনৰ পূৰ্বে গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত বিল খনৰ ওপৰত সবিশেষ আলোচনা কৰা হব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত বড়োলেণ্ড কাউন্সিলেও সম্পুৰ্ণ বিৰোধিতা কৰিছে। জনজাতিকৰণৰ বিৰোধিতা কৰি তেওঁলোকে জানিবলৈ দিয়ে যে ২৮ জানুৱাৰীত আৰু ৩০ জানুৱাৰীত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে।

লগতে জনজাতীয় গাঁও সমূহত 'বিজেপি হতাও' কাৰ্য্যসূচী আৰম্ভ কৰিব বুলি হুংকাৰ দিয়ে। উল্লেখযোগ্য যে সমন্বয় সমিতি জনগোষ্ঠীয় সংস্থাৰ নেতৃত্বত ফেব্ৰুৱাৰী ৬ তাৰিখে সোণাপুৰত এক বৃহৎ ৰেলীও আয়োজন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি