Begin typing your search above and press return to search.
ছয় জন কৃষি বিষয়াক জেৰা দিচপুৰ আৰক্ষীৰ

ছয় জনকৈ কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে থকা ভঙাগড় থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত অসম আৰক্ষীৰ অনুসন্ধান বিভাগৰ এচিপি সুজিত শইকীয়াৰ নেতৃত্বত দিচপুৰ আৰক্ষীয়ে চাৰি ঘন্টা জেৰা কৰে।অসম লোকসেৱা আয়োগে অনুস্থিত কৰা কৃষি উন্নয়ন বিষয়াৰ পদৰ নিযুক্তিৰ অনিয়মৰ সন্দেহত বেদান্ত বিকাশ দাস নামৰ এজন ব্যক্তিৰ গোচৰৰ ভিত্তিত ১৯ জন কৃষি বিষয়াক চমন জাৰি কৰিছিলে।আঠ জনক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল যদিও ছয় জনহে উপস্থিত থাকে।অনুপস্থিত দুজন মৌচুমী শইকীয়া আৰু বিদুৎ কুমাৰ দাস বুলি জানিব পৰা গৈছে।বিষয়াসকলে কোনোধৰনৰ অনিয়মৰ আশ্যয় লৈ চাকৰি লোৱা নাই আৰক্ষীক জানিবলৈ দিয়ে।
Next Story