Begin typing your search above and press return to search.

জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তীত অনুষ্ঠিত মহিলা ভাঁওনা

জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তীত অনুষ্ঠিত মহিলা ভাঁওনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2018 8:31 AM GMT

হৰিনামৰ অমিয়া ধ্বনি, খোল-তালৰ শব্দ, আইনাম, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি, সত্ৰীয়া সংস্কৃতি,জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰে আজি পুৱা প্ৰাণৱন্ত হৈ পৰিল নগাঁৱৰ খালৈগাঁৱ অঞ্চল। নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলৰ অন্তৰ্গত খালৈগাঁৱৰ শৈক্ষিক,বৌদ্ধিক উত্তৰণৰ বিগত পাঁচ টা দশকে প্ৰভুত অৰিহণা আগবঢ়াই অহা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচী আজিৰে পৰা তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে ।

অসমত প্ৰতিভাৰ যেন অন্ত নাই। দৈনিক ব্যষ্টতাৰ পৰা অলপ অাতঁৰত থাকি মহিলাসকলে অংশ ললে পুৰুষৰ ভাঁওত। বৰ্তমান সময়ত পুৰুষৰ লগতে সমানে অাগৱাঢ়িছে মহিলাসকলো। কোনো ক্ষেত্ৰতে যেন পিছ পৰি ৰোৱা নাই মহিলাসকল। তাৰে এক নিৰ্দশন নগাঁৱৰ ঐতিহ্যমন্দিত শ্ৰী শ্ৰী জগত গুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তীত অনুষ্ঠিত মহিলা ভাঁওনা "হৰিচন্দ্ৰ পাল্লা"। সোণালীজয়ন্তী উপলক্ষে শুক্ৰবাৰে নিশা খালৈগাঁৱৰ মহিলা দলৰ দ্বাৰা অভিনিত হ'ল "হৰিচন্দ্ৰ পাল্লা"। এই মহিলা ভাওঁনা চাবলৈ শতাধিক ৰাইজৰ পাৰ ভঙা উৎসাহ উদ্দিপনা পৰিলক্ষিত হয় । শৰৎৰ সেমেকা নিশাকো নেউচি সকলো ব্যষ্ট হৈ পৰিল ভাঁওনা চোৱাত। শৰতৰ নিশা প্ৰৱাহিত হোৱা হিম চেঁচা মলয়া বতাহজাকেও যেন গা লৰাব নোৱাৰিলে দৰ্শক ৰাইজৰ। হাতত ধনু অাৰু কাঁড় লৈ মঞ্চত ভাঁওনা পৰিৱেশন কৰিলে বিপুল প্ৰতিভাৰ সন্ধানী মহিলাসকলে।

পুৱা ১০.৩০ বজাত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। খালৈগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাটিত বৃহত্তৰ অঞ্চলৰ শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে প্ৰায় পাঁচ শতাধিক লোকে অংশ লয়। প্ৰায় দুই কিল'মিটাৰ দূৰত্ব পৰিভ্ৰমণ কৰা সাংস্কৃতিক শোভাযাত্ৰাটোত শিশুৰ পৰা ডেকা-গাভৰু, বৃদ্ধ-বণিতাই গুৰুজনাৰ সৃষ্টিৰাজি, অসমীয়া সংস্কৃতি আৰু জাতি-জনগোষ্ঠীৰ নৃত্য গীত-মাত প্ৰদৰ্শন কৰি মুগ্ধ কৰে খালৈগাঁওবাসীক। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলনে ৰে আৰম্ভ হোৱা সোণালী জয়ন্তী কাৰ্যসূচীৰ বিয়লিলৈ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।

Next Story
চাকৰি