জনজাতিকৰনৰ দাবীত সদৌ অসম আদীৱাসী ছাত্ৰ সন্থাৰ ধৰ্ণা

Published on

জনজাতিকৰনক সমৰ্থন কৰি সদৌ অসম আদীৱাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।আদীৱাসী সকলৰ দৈনিক মজুৰি হাৰ ৩৫০,ভূমি পট্টা,চাহ শ্ৰমিক সকলৰ ভূমি পট্টাৰ চেলিং এক্ট আদি ভিন্ন দাবী সমূহক লৈ এঘণ্টা ধৰি ঢ়েকীয়াজুলি ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে।

শোণিতপুৰ জিলাৰ সদৌ অসম আদীৱাসী ছাত্ৰ সন্থাৰ সভাপতি অমৰজিত কেৰকেটাই মত প্ৰকাশ কৰি কয় যে,বৰ্তমানৰ চৰকাৰে গণতান্ত্ৰিক কোনো ধৰনৰ ভাৱ-ভাষা বুজিব চেষ্টা নকৰে।বিজেপি চৰকাৰে আদীৱাসী সকলৰ প্ৰয়োজন সমূহ পূৰন কৰাৰ বাবে যি প্ৰতিশ্ৰতি প্ৰদান কৰিছিল চৰকাৰ গঠনৰ পিছত সেই প্ৰতিশ্ৰুতি সমূহৰ কথা চৰকাৰে পাহৰি গল বুলি তেওঁ মত সদৰী কৰে।সদৌ অসম আদীৱাসী ছাত্ৰ সন্থাই ঢ়েকিয়াজুলি ৰাজহ চক্ৰৰ শাব্যসী কাশ্যপৰ জৰিয়তে ভিন্ন দাবী সমূহ উত্থাপিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com