Begin typing your search above and press return to search.

জনতাভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

জনতাভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jan 2019 8:12 AM GMT

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে সামৰি অসমৰ ৭০ টা বিভিন্ন সংগঠনে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ ভয়ক ওফৰাই বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যসভাত ভাষণ প্ৰদান কৰি থকা সময়তে অসমৰ জনতাভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জনতাভৱনৰ সন্মুখত শতাধিক প্ৰতিবাদকাৰীয়ে সমাবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি জনতা ভৱনৰ প্ৰাংগনত প্ৰবেশৰ চেষ্টা কৰে।

এই প্ৰচেষ্টাৰ পিছতে নিৰাপত্তা বাহিনীয়ে বেৰিকেড নিৰ্মাণ কৰি প্ৰতিবাদ কাৰী সকলক ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য কৰাই, ইয়াৰ ফলত তীব্ৰ জান-যটৰ সৃষ্টি হয়। আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰাৰ বাবে বাহেৰে নিৰ্মান কৰা প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সময়তে আৰক্ষীয়ে ভালেসংখ্যক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আটকাধীন প্ৰতিবাদকাৰী সকলক আতৰাই লৈ যোৱাৰ সময়তে অন্য প্ৰতিবাদকাৰী সকলে পুনৰ বেৰিকেড ভাঙি আগুৱাই যাৱলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদ কাৰীৰ মাজত হতাহতি লাগে। পৰিস্থিতি অধিক নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদ কাৰীৰ ওপৰত জপিয়াই পৰি লাঠি চাৰ্জ কৰে আৰু প্ৰতিবাদ কাৰী সকলক গণেশগুৰিৰ ফালে খেদি পঠিয়াই। প্ৰতিবাদকাৰী সকলে দৌৰি পলাই যোৱাৰ সময়তে ৰাস্তাত যি পাই সকলো মহতিয়াই লৈ যায়। ৰাস্তাৰ ডিভাইডাৰ, ট্ৰেফিক চিগনেল, বেৰিকেড আদি সকলো প্ৰতিবাদকাৰী সকলে ভাঙি চুৰমাৰ কৰে। প্ৰতিবাদকাৰী সকলে শ্লোগান দি দি তেওঁলোকৰ প্ৰতিবাদ চেচ্ছাচাৰী চৰকাৰ খনে নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিল নকৰা পৰ্যন্ত অব্যাহত থাকিব বুলি কয়।

প্ৰতিবাদৰ সময়ৰ আটাইতকৈ বেয়া দিশটো হ'লযে গুৱাহাটীৰ জিএচ ৰোড যান-বাহনেৰে ভৰি পৰি চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হোৱা অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাস চাংমাই গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই কয় যে আমি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এসময়ত জাতীয় নায়ক আখ্যা দিছিলো আৰু এতিয়া তেওঁ খলনায়কৰ দৰে আচৰণ কৰিছে। সৰ্বানন্দ সোণোৱালৰ এতিয়া ক্ষমতাত থকা কোনো অধিকাৰ নাই, তেওঁ পদত্যাগ কৰিব লাগে বুলি চাংমাই মন্তব্য কৰে। আমাক এনেধৰণৰ জনতা ভৱনৰ কোনো প্ৰয়োজন নাই যি জনতা ভৱনে জনসাধাৰণৰ কান্দোনৰ প্ৰতি উদাসীন, এনেধৰণে মন্তব্য কৰে আন এজন প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰী সকলে সমগ্ৰ ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি সকলৰ আগত ক'লা পতাকা দেখুওৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে। এই প্ৰতিবাদী ঘটনাৰ পিছতে দিছপুৰৰ জনতা ভৱনৰ সন্মুখত নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি