মংগলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে,পূৰ্বৰ সাংসদ তথা বিধায়কসকলৰ আদালতত চলি থকা গোচৰসমূহ অতি শীঘ্ৰেই শুনানি গ্ৰহণ কৰিবৰ বাবে বিহাৰ আৰু কেৰালাৰ প্ৰত্যেকখন জিলাত বিশেষ ন্যায়ালয় গঠন কৰিব লাগে ৷মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ কে কোল, ন্যায়াধীশ কে,এম,জোছেফৰ সহিতে তিনিজনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক শীঘ্ৰেই কাৰ্যকৰী কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে।
যিসকল অপৰাধী ৰাজনীতিৰ লগত জড়িত তেওঁলোকৰ ক্ষেত্ৰত আজীৱন প্ৰতিবন্ধকতা লগাব লাগে ৷আৰু সেইসকলৰ ক্ষেত্ৰত অতি শীঘ্ৰেই বিচাৰ কৰাৰ কাৰণে বিশেষ আদালত গঠন কৰিব লাগে। তিনিজনীয়া বিচাৰপীঠৰ অনুসৰি কেৰালা আৰু বিহাৰত যিমান আদালত লাগে সিমান সংখ্যক বিশেষ আদালত গঠন কৰিব পাৰে ৷
অন্যহাতে সাংসদ তথা বিধায়কসকলৰ ক্ষেত্ৰত থকা গোচৰ সন্দৰ্ভত এক তথ্য পোহৰলৈ আহিছে যে,পূৰ্বৰ সাংসদ আৰু বিধায়কসকলৰ ক্ষেত্ৰত প্ৰায় ৪,১২২ টা অপৰাধী গোচৰ চলি আছে৷আশ্চৰ্য্যজনক কথাটো হ’ল এই সাংসদ,বিধায়কসকলৰ গোচৰসমূহৰ কিছুমান ৩০ বছৰৰ পুৰণি ৷ লগতে আদালতে এই সমূহ গোচৰ অতি শীঘ্ৰেই বিচাৰ কৰিবৰ কাৰণে যথেষ্ট সংখ্যক বিশেষ আদালত বিচাৰিছে ।ইফালে আন এক তথ্য অনুসৰি,২৬৪ টা গোচৰৰ বিচাৰত ন্যায়ালয় শুনানি স্তব্ধ কৰি দিয়ে ৷
এই ক্ষেত্ৰত প্ৰায় ১৯৯১ চনৰ পৰা কিছুসংখ্যক গোচৰ কোনো বিচাৰ বিবেচনা নোহোৱাকৈ আছে। সম্প্ৰতি ন্যায়ালয়ৰ এই তথ্যসমুহত এক প্ৰকাৰ আশ্চৰ্য্য প্ৰকাশ কৰিছে জনসাধাৰণে ৷ কাৰণ, দেশৰ জনসাধাৰণৰ জন প্ৰতিনিধিসকলৰ আদালতত বিভিন্ন ধৰণৰ গোচৰে সাধাৰণ জনতাৰ ওপৰত কি প্ৰভাৱ পেলাব সেয়াহে হ’ব লক্ষ্যনীয় অনাগত দিনত ৷
অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি