জনপ্ৰিয় অভিনেত্ৰী হেমা মালনীৰ মনোনয়ন পত্ৰ দাখিল

জনপ্ৰিয় অভিনেত্ৰী হেমা মালনীৰ মনোনয়ন পত্ৰ দাখিল
Published on

অভিনয়ৰ জগতৰ পৰা ৰাজনৈতিক জগতত ভৰি দিয়া জনপ্ৰিয় অভিনেত্ৰী হেমা মালনীয়ে ২০১৯ লোকসভা নিৰ্বাচনত মথুৰা লোকসভা সমষ্টিদ পৰা প্ৰতিদন্দ্বিতা কৰিব।

সোমবাৰে সাংসদ হেমা মালনীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । হেমা মালনীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথও উপস্থিত থাকে ।

সোমবাৰে হেমা মালনীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত মংগলবাৰে এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰে । মথুৰাৰ পৰা দ্বিতীয় বাৰৰ বাবে হেমা মালনীয়ে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com