জনসাধাৰণলৈ সুখবৰ: আকৌ হ্ৰাস পালে পেট্ৰ’ল ডিজেলৰ মূল্য

সপ্তাহৰ প্ৰথমটো সোমবাৰে সুখবৰ কঢ়িয়াই আনিছে জনসাধাৰণলৈ মাজলৈ৷ আকৌ হ্ৰাস পালে পেট্ৰ’ল ডিজেলৰ মূল্য ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ মূল্য হ্ৰাস হোৱাৰ প্ৰভাৱ পৰিছে স্থানীয় বজাৰত ৷যাৰ ফলশ্ৰুতিত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস পাইছে ৷ সোমবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২৪ পইচা হ্ৰাস হোৱাৰ বিপৰীতে ডীজেলৰ মূল্য হ্ৰাস পাইছে ২৭ পইচা ৷
পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ লগে লগে ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য হয়গৈ ৭০.৩১ টকাৰ বিপৰীতে ডীজেলৰ মূল্য হয় ৬৪.৮২ টকা ৷ কিন্তু দেওবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য আছিল ৭০.৫৫ টকাৰ বিপৰীতে ডীজেলৰ মূল্য ৬৫.০৯ টকা ৷ অন্যহাতে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি প্ৰসংগটোৱে নিৰ্বাচনত প্ৰভাৱ পেলাৱ পাৰে ৷
অন্যহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্যৰ হ্ৰাস হোৱাৰ কাৰণে কেন্দীয় চৰকাৰে পাঁচখনৰ ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেলৰ মূল্য হ্ৰাস কৰে।কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ২.৫ টকাকৈ হ্ৰাস কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰকো ২.৫ টকাকৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছিল ৷ উল্লেখ্য যে,কিছু সংখ্যক ৰাজ্যই পেট্ৰ’ল ডিজেলৰ মূল্য ৫ টকাকৈ হ্ৰাস কৰি দিয়ে ৷
ইফালে ২০১৯ ৰ লোকসভা নিৰ্বাচন প্ৰাকমুহুৰ্তত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ প্ৰসংগটোৱে নিৰ্বাচনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা কৰিছে একাংশ জনসাধাৰণে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি