জম্মু কাশ্মীৰৰ সংঘৰ্ষই কপাঁই গৈছে বহুজনৰ হৃদয়ঃ চাৰিওফালে বৈছে শোকৰ বন্যা

জন্মু কাশ্মীৰৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ শ্বহীদ সকলক সু্ঁৱৰি সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে বৈছে শোকৰ বন্যা।সুদীৰ্ঘ ২০ বছৰৰ পিছত হোৱা এই আত্মঘাটী বোমা বিস্ফোৰণে কপাঁই গৈছে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ত । জম্মু -শ্ৰী নগৰৰ হাইৱেত বৃহস্পতিবাৰে সংঘটিত হোৱা বিষ্ফোৰণত শ্বহীদ হোৱা জোৱানৰ সংখ্যা নিশ্চিত হোৱা নাই সম্প্ৰতি ।জম্মু কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱানসকলৰ ভিতৰত আছে অসমৰ মনেশ্বৰ বসুমতাৰী।
চিআৰপিএফৰ ৯৮ নং বেটেলিয়নৰ হেড কনিষ্টবল হিচাপে নিযুক্ত আছিল শ্বহীদ মনেশ্বৰ বসুমতাৰী ।শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামোলপুৰ থানাৰ অন্তৰ্গত কালবাৰিত।১৯৭১ চনত জন্ম হোৱা শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পত্নী সন্মতি বসুমতাৰীৰ আৰু দুই সন্তানেৰে সন্তানেৰে আছিল এখন সুখৰ সংসাৰ।বীৰ শ্বহীদ জোৱান মনেশ্বৰ বসুমতাৰীৰ ভাতৃ পৰমেশ্বৰ বসুমতাৰী ।শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ জীয়ৰী ডিডমশ্ৰী বসুমতাৰী আৰু পুত্ৰ ধনঞ্জয় বসুমতাৰী । ডিডমশ্ৰীয়ে কলা শাখাৰ স্নাতক ।অন্যহাতে ধনঞ্জয় ষষ্ঠ সান্মাসিকৰ ছাত্ৰ।
সম্প্ৰতি বীৰ জোৱান জনে প্ৰাণ হেৰুৱাৰ খবৰৰ পিছতে সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিস্থিতিয়ে বিৰাজ কৰিছে ।উল্লেখ্য যে, জম্মু কাশ্মীৰত এম্বুশ্ব কৰি বীৰ জোৱানৰ হত্যা কৰা ঘটনা বিগত সময়ৰ আটাইতকৈ বৃহত্তম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ইফালে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ভাগিনীয়েকে এজন এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত কয় য়ে ইতিমধ্যে শ্বহীদ বসুমতাৰীৰ সন্তান দুটি পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছে । মোডী চৰকাৰ যেতিয়া শাসনলৈ আহিছিল তেতিয়া মোডীয়ে দেশবাসীক প্ৰতিশ্ৰুতি দিছিল যে, সন্ত্ৰাসবাদী নি:শেষ কৰি দিব ।
গতিকে সম্প্ৰতি প্ৰধানম্ত্ৰী নৰেন্দ্ৰ মোডী আৰূ গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ আহ্বান জনায় যে এনেধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা সন্ত্ৰাসবাদীক উচিত শাস্তি দিবলৈ আহ্বান জনায় শ্বহীদ বসুমতাৰীৰ ভাগিনীয়েকে । লগতে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ সন্তানক দুটিক কৰ্মসংস্থাপন দিবলৈ ভাৰত চৰকাৰ,অসম চৰকাৰক আহ্বান কৰে শ্বহীদ বসুমতাৰীৰ ভাগিনীয়েকে । ইফালে দেশৰ কাৰণে প্ৰাণ দিয়া শ্বহীদ মনেশ্বৰ বসুমতাৰীক লৈ গৌৰৱ অনুভৱ কৰিছে সকলোৱে ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি