Begin typing your search above and press return to search.

জলন্ত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰতিদন্দ্বিতা

জলন্ত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰতিদন্দ্বিতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2019 7:19 AM GMT

গুৱাহাটীবাসীয়ে বহু বছৰ ধৰি ভূগি থকা সমস্যা সমুহ সমাধানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দুগৰাকী মহিলা প্ৰাৰ্থীৰ প্ৰতিদন্দ্বিতা । গুৱাহাটী সমষ্টিত ২৩ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠান হব । গুৱাহাটী সমষ্টিৰ বাবে বিজেপিয়ে গুৱাহাটী পৌৰনিগমৰ প্ৰাক্তন মেয়ৰ কুইন ওজাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পৰিবৰ্তে কংগ্ৰেছে ববিতা শৰ্মাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ।

তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন হ'ল ৪ এপ্ৰিল। ৫ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হব আৰু ৮ এপ্ৰিলত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন । ২৩ মেত ভোট গননা কৰা হব ।

গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত ১০ টা বিধানসভা সমষ্টি আছে । বিধান সভা সমষ্টি কেইটা হৈছে দুধনৈ, বকো, ছয় গাঁও, পলাসবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু বৰক্ষেত্ৰী । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে ১০ খন আসনৰ ৮ খনে দখল কৰিবলৈ সক্ষম হৈছিল । বকো আৰু ছয় গাঁওত কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা ১৮ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছিল । বিজেপিৰ প্ৰাৰ্থী বিজয়া চক্ৰবৰ্ত্তীয়ে ৩,১৫,৭৮৪ ভোটাৰ ব্যবধানত কংগ্ৰেছৰ প্ৰাৰ্থী মানস বৰাক পৰাজিত কৰিবলৈ সক্ষম হৈছিল । মানস বৰায়ে ৪,৪৯,২০১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজয়া চক্ৰবৰ্ত্তীয়ে লাভ কৰিছিল ৭,৬৪,৯৮৫ টা ভোট । এ আই ইউ ডি এফৰ প্ৰাৰ্থী গোপী নাথ দাসে ১,৩৭,২৫৪ ভোট লাভ কৰিছিল । অগপৰ বীৰেন্দ্ৰ প্ৰসাদে ৮৬,৫৪৬ ভোট লাভ কৰিছিল ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিত ২১,৪৯,২৩০ ভোটাৰ আছে । ১০,৮৭,১২২ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ১০,৬২,০৩০ আৰু ৭৮ জন তৃতীয় লিংগ ভোটাৰ আছে ।

গুৱাহাটী লোকসভা সমষ্টিবাসীয়ে দৈনন্দিন জীৱনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ চহৰ হৈছে গুৱাহাটী। গুৱাহাটীত খোৱা পানী ব্যবস্থা আৰু কৃটিম খাদ্যৰ সমস্যাৰ ভূগিব লগা হৈছে । ১০ বছৰ ধৰি গুৱাহাটীবাসীয়ে খোৱা পানীৰ সমস্যাত ভূগি আহিছে । লগতে গুৱাহাটী স্মাৰ্ট চিটী হিচাপে বাস্তৱত ৰূপায়ণ কৰাৰ কাম কৰি থকা হৈছে । গুৱাহাটী চহৰত মেট্ৰ ৰেলৰ প্ৰচলনো হবলৈ বহু দিন বাকী থকাৰ লগতে চহৰ খনৰ চাৰিওফালে পাহাৰৰে আবৃত্ত । তাৰ বাবে নিত্য নৈমিত্তিক জীৱনত লগতে যাতায়াত ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ।

সেয়েহে প্ৰাৰ্থী সকলে গুৱাহাটী লোকসভা সমষ্টিৰ এই সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি উন্নয়নৰ বাবে কাম কৰাৰ কথা প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি