Begin typing your search above and press return to search.
জাগীৰোডত চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই কনিষ্টবলৰ আত্মহত্যা

মৰিগাঁও জিলাৰ জাগীৰোডৰ বাঘজাঁপত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন । চাৰ্ভিছ ৰাইফলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আৰক্ষীৰ এজন কনিষ্টবলে । মৃত কনিষ্টবলজন বিৰহিগাঁৱৰ নগাঁও জিলাৰ ঘনকান্ত বৰা বুলি জানিব পৰা গৈছে । বাঘজাঁপ বৈদ্যুতিক উপকেন্দ্ৰৰ আৱাসত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।ঘটনাস্থলীত মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে মৃতদেহটো মৰোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰণ কৰা হৈছে ।
Next Story