জাজৰি আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা

জাজৰি আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা
Published on

ৰাজ্যত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে মংগলবাৰে নিশা নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ

অন্তৰ্গত ৰাইডংগিয়া বড়িত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। জাজৰি আৰক্ষীয়ে অতৰ্কিতে চলোৱা এক অভিযানত উদ্ধাৰ কৰা হয় সুৰাখিনি। জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰবীণ চন্দ্ৰ ভৰালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ৰাইডংগিয়া বড়িৰ এখন দোকানৰ পৰা অবৈধভাৱে মজুত কৰি থোৱা অৱস্থাত বিলাতী সুৰাখিনি জব্দ কৰে। লগতে আৰক্ষীৰ দলটোৱে এখন স্কুটাৰৰ বাকচৰ পৰা অবৈধভাৱে ৰাখি থোৱা বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে একাংশ দুষ্টচক্ৰই গাঁৱে-ভূঁঞে অবৈধ বিলাতী সুৰাৰ ব্যৱসায় চলাই সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ চেষ্টা চলাইছে যিয়ে নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ সূচনা কৰিব পাৰে বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com