Begin typing your search above and press return to search.

জানুৱাৰীৰ পৰা কৃষকে লাভ কৰিব অতিৰিক্ত সুবিধা: হিমন্ত বিশ্ব শৰ্মা

জানুৱাৰীৰ পৰা কৃষকে লাভ কৰিব অতিৰিক্ত সুবিধা: হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2018 10:30 AM GMT

নতুন বছৰৰ ধামাকা হিচাপে অসম চৰকাৰে কৃষি খণ্ডৰ উন্নয়ণৰ বাবে মুকলি কৰিছে নতুন কেতবোৰ অভিলাষী আচনি। দিশপুৰে গ্ৰহণ কৰা এই আচনিৰ অধীনত ৰাজ্যৰ কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, চাহ উদ্যোগ কাৰী সকল লাভাম্বিত হব।নতুন বছৰৰ জানুৱাৰীৰ মাহৰ পৰা আচনি সমূহ কাৰ্য্যকৰী হোৱাৰ সম্ভাবনা আছে। সংবাদমেলক সম্বোধন কৰি ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই কয় যে ২০১৮ চনত অসমে ইতিহাস প্ৰসিদ্ধ পথৰু ঘাটৰ কৃষক বিদ্ৰোহৰ ১২৫ বছৰ সম্পূৰ্ণ কৰিব, এই বিদ্ৰোহত ১৪০ জন কৃষকে নিজৰ প্ৰাণ বিসৰ্জন দিব লগা হৈছিল আৰু এই শ্বহীদ কৃষক সকলক সন্মান জনাবৰ বাবেই কৃষক সকলৰ বাবে আচনি সমূহ মুকলি কৰা হৈছে। আচনিৰ সমূহৰ বিষয়ে বিতং ভাবে শৰ্মাই কয় যে এই আচনিৰ অধীনত ৰাজ্যৰ কৃষক সকলে ২৫ শতাংশলৈ কৃষি ঋণৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব কিন্তু টকাৰ হিচাপত এই ৰেহাই ২৫০০০ টকাতকৈ অধিক হব নোৱাৰিব। ২০১৮ চনৰ এপ্ৰিল মাহৰ এক তাৰিখৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত ঋণ গ্ৰহণ কৰা কৃষক সকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হব।

মন্ত্ৰী শৰ্মাই কয় যে এতিয়ালৈ যিসকল কৃষকে নিজৰ ঋণ পৰিষোধ কৰিছে তেওঁলোকে পুনৰ ঋণ লাভ কৰিব আৰু যিসকল কৃষকে ঋণ পৰিষোধ কৰা নাই তেওঁলোকে ঋণৰ ৭৫ শতাংশ পৰিষোধ কৰিলেই হ'ল। অসম চৰকাৰে গ্ৰহণ কৰা এই আচনিৰ দ্বাৰা ৰাজ্যখনৰ প্ৰায় ২.৬২ হাজাৰ কৃষক লাভবান হব। অসম চৰকাৰে ৫০০ কৌটি টকা এই আচনিৰ বাবে ব্যয় কৰিব বুলি শৰ্মাই উল্লেখ কৰে। ৰাজ্যচৰকাৰে এই আচনি চলিত বিত্তিয় বৰ্ষৰ বাবেহে মুকলি কৰিছে, যদিহে আচনি সমূহ ফলপ্ৰসু হয় তেতিয়া ইয়াক ভবিষ্যতলৈ আগবঢ়াই নিয়া হব। এই আচনিৰ অধীনত চাহ খেতিয়ক আৰু ৰবৰ খেতিয়ক সকলেওঁ বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিব। বিত্ত মন্ত্ৰী জনৰ মতে অসমৰ কৃষকৰ বাবে সুত ৰেহায় আচনি এক ফলপ্ৰসু আচনি যাৰ দ্বাৰা কৃষক সকলে শস্য ঋণৰ ক্ষেত্ৰত সাত শতাংশলৈ ৰেহায় লাভ কৰিব, এই সুত ৰেহাইত কৃষকে চাৰি শতাংশ আদায় দিব লাগিব আৰু কেন্দ্ৰ চৰকাৰে তিনি শতাংশ ৰেহায় দিব। অসম চৰকাৰে কৃষক সকলৰ ওৰপত পৰা চাৰি শতাংশ ঋণৰ বোজাওঁ গ্ৰহণ কৰিব, কেন্দ্ৰীয় চৰকাৰে তিনি শতাংশ সুত ৰেহাই নিদিলেও ৰাজ্যিক চৰকাৰে দায়িত্ব লব। ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰা নতুন আচনিৰ অধীনত কৃষকে শূণ্য সুতৰ হাৰত ঋণ লাভ কৰিব। এই আচনি স্থায়ী আচনি হব যাৰ বাবে দিশপুৰে অতিৰিক্ত ২০০ কৌটি টকাৰ বোজা গ্ৰহণ কৰিব।

অসমত ইতিমধ্যে প্ৰায় তিনিলাখ ঋণ পৰিষোধ কৰিব নোৱাৰা কৃষক আছে, এই কৃষক সকলক পুনৰ বেংক ব্যৱস্থালৈ ওভটাই আনিবৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত ১০০০০ টকাকৈ প্ৰদান কৰা হব আৰু বাকী থকা ঋণৰ অংশ খেতিয়কে পৰিষোধ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কয় যে এনে ধৰণৰ আচনি অন্য প্ৰদেশত দেখা পোৱা নাযায়, অসম চৰকাৰেহে এনে আচনি গ্ৰহণ কৰিছে কৃষকৰ বাবে। শৰ্মাই চাহ বাগিছা ধন পুৰস্কাৰ মেলা নামৰ আন এখন আচনি চাহ মজদুৰ সকলৰ বাবে মুকলি কৰাৰ বিষয়েও সাংবাদিকৰ আগত প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি