Begin typing your search above and press return to search.

জাপানক বাহিৰ কৰি বেলজিয়াম কোৱাৰ্টাৰত

জাপানক বাহিৰ কৰি বেলজিয়াম কোৱাৰ্টাৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2018 6:50 AM GMT

এচিয়াৰ শক্তিশালী দল জাপানক ৩-২ গ'লত পৰাস্ত কৰি বেলজিয়াম কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।বেলজিয়ামে অধিপত্য বিস্তাৰ কৰা খেলখনত দ্বিতীয় অৰ্ধৰ ৪৮মিনিটত জি হাৰাগুচি আৰু ৫২মিনিটত টি ইনুয়ে উপৰ্যুপৰি দুটা গ'ল কৰি সকলোকে হতবাক কৰি তোলে।বেলজিয়ামৰ ভাৰ্টনঘেনে দৰ্শনীয় হেডেৰে ৬৯ মিনিটত প্ৰথমতো গ'ল দিয়ে।৭৪ মিনিটত এম ফেল্লাইনি হেডেৰে আৰু এটা গ'ল দি সমতা স্থাপন কৰে।অন্তিম মিনিটত অৰ্থাৎ ৯৪ মিনিটত এন চাডলিৰ গ'লেৰ বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

Next Story