Begin typing your search above and press return to search.
জালি নোট উদ্ধাৰ,গ্ৰেপ্তাৰ দুজনক

অসম আৰক্ষী দল এটাইৱযোৱা সোমবাৰে কামৰূপ জিলাৰ বকোৰ পৰা ৫৩,৮০০টকা ভাৰতীয় জাল নোট উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে বকো আৰক্ষী থানাৰ বিষয়া জোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত এটা দলে ৮৮ খন ৫০০টকীয়া নোট,৩৪খন ২০০টকীয়া নোট আৰু ৩০ খন ১০০টকীয়া নোট উদ্ধাৰ কৰে নবিনুৰ হুছেইন নামৰ ব্যক্তি এজনৰ পৰা।আৰক্ষীয়ে বিশেষ তথ্যৰ সহায়ত বকো বজাৰৰ পৰা নবিনুৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে জেৰা কৰা সময়ত নবিনুৰ পৰা আন এজন ব্যক্তি চিথজাল হকৰ নাম ধৰা পৰে।অচি জোগেন্দ্ৰ বৰ্মনৰ অভিযানত চিথজাল হকক গোৱাপাৰা জিলাৰ কৃষ্ণাইৰ পৰা আটক কৰে।
Next Story