জিএছটি বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা : কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হব? লাভ হবনে আপোনাৰ?

জিএছটি বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা : কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হব? লাভ হবনে আপোনাৰ?

দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে শনিবাৰে প্ৰকাশ কৰে জি এছ টি অৰ্থাৎ পন্য আৰু সেৱা কৰ তালিকা ৷ জি এছ টি তালিকাখনত ঘৰ সজোৱাৰ সামগ্ৰীৰ ভিতৰত চিমেন্টৰ মূল্য হ্ৰাস কৰাৰ প্ৰসংগত কোনো ধৰণৰ আলোচনা নহ’ল জিএছটিৰ বৈঠকখনত৷কিন্তু সম্প্ৰতি জি এছ টিৰ বৈঠকে কেন্দ্ৰ চৰকাৰ চিমেন্টৰ মূল্য হ্ৰাস কৰা সম্পৰ্কে আলোচনা কৰিছে ৷ গতিকে ঘৰ সজোৱা আৰু ঘৰ ক্ৰয় কৰাৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ৷ এই সন্দৰ্ভত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে মন্তব্য দিয়ে যে অনতি পলমে চিমেন্টৰ মূল্য ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হ’ব ৷ ঘৰ সজোৱাৰ সামগ্ৰীসমুহৰ ক্ষেত্ৰত প্ৰথমতে চৰকাৰে ২৮ শতাংশৰ জি এছ টিৰ ঠাইত ১৮ শতাংশ হয় ৷ সম্প্ৰতি যদিহে চিমেন্টৰ মূল্য হ্ৰাস হয় তেন্তে গৃহ নিৰ্মাণ ক্ষেত্ৰত লোকসকলে সকাহ পাব ৷কাৰণ যদিহে গৃহ নিৰ্মাণ ক্ষেত্ৰত চিমেন্টৰ মূল্য যদিহে বৃদ্ধি পায় ৷ তেন্তে ঘৰ সজোৱাৰ সম্পূৰ্ণ মূলধন বৃদ্ধি পায়। লগতে,যেতিয়া প্ৰথমবাৰৰ কাৰণে জি এছ টি আৰম্ভ কৰিছিল তেতিয়া জি এছ টি সম্পৰ্কীয় বহু স্লেব তৈয়াৰ কৰিছিল। কিন্তু চৰকাৰে প্ৰত্যেক বাৰতেই জি এছ টি বৈঠকত গ্ৰাহকসকলক কিছু জিএছ টিৰ ক্ষেত্ৰত সকাহ দিবলৈ চেষ্টা কৰে ৷ ২২ ডিচেম্বৰত হোৱা জিএছ টি বৈঠকত ২৮ শতাংশৰ স্লেবক হ্ৰাস কৰিবলৈ চিন্তা চৰ্চা কৰিছে ৷ চৰকাৰে ১২ আৰু ১৮ শতাংশৰ স্লেবকো হ্ৰাস কৰাৰ কাৰণেও চিন্তা চৰ্চা কৰিছে ৷ চিগাৰেট,ধপাঁত আদি গুটখা জাতীয় বস্তুসমূহৰ টেক্সসমুহ কিন্তু হ্ৰাস নহয়। উল্লেখ্য যে, পণ্য আৰু সেৱা কৰ অৰ্থাৎ জিএছ টিৰ বৈঠকৰ পিছত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে শনিবাৰে মন্তব্য অনুসৰি ৩৩ বিধ সামগ্ৰীৰ কৰ হ্ৰাস কৰা হৈছে । ইয়াৰ ভিতৰত আছে চিনেমা টিকট, ৩২ ইঞ্চিৰ টেলিভাশ্যন,টায়াৰ, কম্পিউটাৰ মনিটৰছ,ভিডিঅ’ গেম,পাৱাৰ বেঙ্ক,হুইলচেয়াৰ আদি মূল্য হ্ৰাস পাইছে ৷ আনহাতে ১০০ টকাৰ মূল্যৰ চিনেমা টিকটৰ মূল্য ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হৈছে। যিসমুহৰ সামগ্ৰী মূল্য ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হৈছে তাৰ ভিতৰত আছে , যান বাহনৰ পাৰ্টছ,টিভি, কম্পিউটাৰৰ মনিটৰৰ লগতে পুনৰ ব্যৱহাৰ ৰবৰৰ টায়াৰ ৷

ইফালে সম্প্ৰতি ২৭ বিধ সামগ্ৰীৰ ২৮ শতাংশ কৰ আৰোপ কৰা হ’ব ৷ এই ২৮ শতাংশ কৰ আৰোপ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে চিগাৰেট,ধঁপাতজাতীয় সামগ্ৰী আৰু গাড়ী আছে ৷ ধৰ্মসম্পৰ্কীয় ভ্ৰমনৰ ক্ষেত্ৰত বিমানৰ টিকটৰ মুল্যত ৫শতাংশ জি এছ টি লগোৱা হ’ব ৷আনহাতে জোতা চেণ্ডেলৰ GST ৰ হাৰ ১৮ শতাংশৰ পৰা ১২ৰ পৰা ৫ শতাংশ কৰা হৈছে। লগতে ধন জন আঁচনিৰ অধীনত খোলা বেছিক ছেভিং বেংক একাউন্টৰ গৰাকীক GST ৰ পৰা বাদ দিয়া হৈছে ৷ লগতে বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে কয় যে চিমেন্টত জি এছ টিৰ হাৰ হ্ৰাস কৰিলে প্ৰায় ৫,৫০০ কোটি টকাৰ বোজা বৃদ্ধি পাব ৷ ইফালে শাক পাচলি তথা ৰাসায়নিক দ্ৰব্যৰে সংৰক্ষিত কৰা শাক পাচলিসমুহৰ GST আৰোপ কৰা নহয় ৷ উল্লেখ্য যে ভেৰিক্যল পুল্যে,ট্ৰান্সমিশ্যন শ্বেপট,ক্ৰেঙ্ক,গিয়েৰ বক্স,৩২ ইঞ্চিৰ মনিটৰ আৰু টেলিভেশ্যন,পুনৰ ব্যৱহাৰৰ টায়াৰ,পাৱাৰ বেঙ্ক,ডিজিটেল কেমেৰা,ভিডিঅ’ কেমেৰা ৰেকৰ্ডাৰ,ভিডিঅ’ গেমৰ পূৰ্বৰ জি এছ টি আছিল ২৮ শতাংশ ৷ এতিয়া এইসমূহ বস্তুৰ জি এছ টি হ’লগৈ ১৮ শতাংশ ৷

ইফালে দিব্যাংগসকলৰ প্ৰয়োজনীয় বস্তুসমূহৰ মূল্য ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হয়। কৰ্ক আৰু প্ৰাকতিক কৰ্কৰ নিৰ্মিত সামগ্ৰীৰ মূল্য ১৮ শতাংশৰ পৰা ১২ শতাংশ হ্ৰাস কৰা হৈছে। মাৰ্বল ৰাবলৰ মূল্য ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷প্ৰাকৃতিক কৰ্ক,ৱাকিং ষ্টিক,ফ্লাই এছ ব্লকৰ মুল্য ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ মিউজিক বুকৰ মুল্য ১২ শতাংশৰ পৰা শূন্য কৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত ফ্ৰিজত ৰখৰ শাক পাচলি বা ব্ৰেণ্ডড শাক পাচলি,সাময়িক ভাৱে ছালফাৰ ডাই অক্সাইড আদিৰে সংৰক্ষণ কৰা শাক পাচলি, নবীকৰণ যোগ্য শক্তিৰ বাবে ব্যৱহৃত যন্ত্ৰ আৰু যন্ত্ৰসমূহৰ সামগ্ৰীৰ কৰ ৫ শতাংশৰ পৰা শূন্য কৰ কৰা হয়। সেৱা কৰৰ ভিতৰত ১০০ টকাৰ মূল্যৰ চিনেমা টিকট ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হয়। ১০০ টকা পৰ্যন্ত চিনেমা টিকট,পণ্য পৰিবাহী গাড়ীৰ তৃতীয় পক্ষৰ বীমা প্ৰিমিয়াম,প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনৰ একাউন্টৰ জি এছ টি বিলোপ আৰু ধৰ্মীয় উদ্দেশ্যৰ বিমানযাত্ৰাত জি এছ টি ১৮ শতাংশৰ পৰা ১২ শতাংশ-৫ শতাংশলৈ হ্ৰাস কৰা হয় ।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com