Begin typing your search above and press return to search.

জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ কাৰ্য্যকাল সমাপ্ত

জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ কাৰ্য্যকাল সমাপ্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:06 AM GMT

গুৱাহাটী পৌৰনিগমৰ ৫বছৰীয়া কাৰ্য্যকালৰ যোৱা মঙলবাৰে অন্ত পৰে।গুৱাহাটী পৌৰনিগমৰ প্ৰায় দুবছৰ ধৰি কাৰ্য্য কৰা মৃগেন শৰণীয়াই বহু উন্নয়ণমূলক কাম কৰে।আয়োজন কৰা এক অনুষ্ঠানত বিদায় লোৱা কাউঞ্চিলাৰ বলেন্দ্ৰ ভড়ালীয়ে মত প্ৰকাশ কৰি কয় যে,গড়কাপ্তানী বিভাগ,জলসিঞ্চন,গুৱাহাটী মেট্ৰো পলিটান বিকাশ তথা মহানগৰী উন্নয়ণ কৰ্তৃপক্ষ,ৰেলৱে আৰু জিএমচিৰ মাজত সমন্বয় নথকাৰ বাবে মহানগৰীৰ কৃত্ৰিম বান মোকাবিলা কৰাত ব্যৰ্থ হৈছে।

ইয়াৰ উপৰি শৰণীয়াইও দুবছৰ ধৰি কৰা নিজ কৰ্মৰ খতিয়ান দাঙি ধৰে।মহানগৰী খনক পৰিস্কাৰকৈ ৰখাৰ বাবদত মহানগৰ খনৰ খানাপাৰাত,জিএমচিএইচ কেম্পাছ,ভঙাঘড় উৰণীয়া সেতু,পানবজাৰ,ছয়মাইল,গনেশগুৰি,ফেঞ্চী বজাৰ আৰু আদাবাৰীত ৰাজহুৱা শৌচাগাৰ স্থাপন কৰাৰ লগতে দুটাকৈ বায়' টইলেট স্থাপন কৰে।লাখটকীয়া,ভূটনাথ আৰু দিশপুৰত তিনিটাকৈ জিএমচি কাৰ্য্যালয় নিৰ্মান কাম আৰম্ভ কৰে বুলি তেওঁ মত প্ৰকাশ কৰে।

Next Story
চাকৰি