Begin typing your search above and press return to search.

জিলা ভিত্তিক কেলিগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত

জিলা ভিত্তিক কেলিগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2018 7:14 AM GMT

৫৭০সংখ্যক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱত পালনৰ সময়ত ইদুপুৰ ছোচাইটি,তেজপুৰৰ ৰূপালী জয়ন্তী এলপি স্কুলত ফৰণ্টিয়াৰ এনজিঅ'ৰ সহযোগত হেল্পিং হেণ্ডচ লিটিল জিনিচ,য়েচ বেংক,এইচএল ৱাটাৰ ট্ৰিটমেণ্ট আৰু চামচ টিফিনয়ে আয়োজন কৰে জিলা ভিত্তিক আন্তঃস্কুল কেলিগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ২৫খন বিদ্যালয়ত ৩৫০জন ছাত্ৰ-ছাত্ৰীৰ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই কেলিগ্ৰাফী প্ৰতিযোগিতাত অংশগ্ৰহন কৰে। এই প্ৰতিযোগিতা তিনিটা ভাগত অনুষ্ঠিত হয় আৰু প্ৰতিযোগিতা খনৰ বিচাৰক হিচাপে উপস্থিত থাকে কেলিগ্ৰাফী বিশেষজ্ঞ চমচোৰ আহমেদ,পলোগ্ৰাউণ্ড প্ৰাইমেৰী স্কুলৰ প্ৰধান শিক্ষক সদানন্দ দাস,তেজপুৰৰ সাংবাদিক তথা সাংস্কৃতিক সেৱক দিপ কুমাৰ কলিতা।

অনুষ্ঠান খনত সভাপতিত্ব কৰে ইদুপুৰ ছোচাইটিৰ প্ৰতিষ্ঠাপক অমিত ৰাজ কোৱঁৰ লগতে উপস্থিত থাকে ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰী,অভিভাৱক,বিশিষ্ট অতিথি আৰু ইদুপৰ ছোচাইটিৰ স্বেচ্ছাসেৱক সকল।

Next Story
চাকৰি