Begin typing your search above and press return to search.

জীৱনত সফলতাৰ মূলমন্ত্ৰ আত্মবিশ্বাস

জীৱনত সফলতাৰ মূলমন্ত্ৰ আত্মবিশ্বাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2019 11:19 AM GMT

আত্মবিশ্বাস (Self Confidence) ৷ জীৱনত সফলতা লাভ কৰিবলৈ হ’লে আত্মবিশ্বাস সকলোতকৈ প্ৰয়োজন ৷ কাৰণ আত্মবিশ্বাস নাথাকিলে ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত নকৰাত্মক প্ৰভাৱ পৰে। আত্মবিশ্বাস নাথাকিলে আমাৰ জীৱনৰ পৰা বহু প্ৰয়োজনীয় বস্তু আমাৰ পৰা আঁতৰি যায় ৷ প্ৰত্যেকজন মানুহৰ আত্মবিশ্বাস হোৱাতো বহুত জৰুৰী ৷

আত্মবিশ্বাসৰ কাৰণেই মানুহে জীৱনত সফলতাৰ জখলাত বগাব পাৰে ৷ মানুহৰ জীৱনৰ অন্তৰালত নিহিত থকা বিশ্বাসে সকলোৰে সন্মুখত নিজক আত্ম বিশ্বাসেৰে উপস্থিত হোৱাত সহায় কৰে ৷ যদি আপুনি নিজৰ ওপৰত বিশ্বাস নাৰাখে তেতিয়া অন্য ব্যক্তিকো বিশ্বাসত ল’ব নোৱাৰিব ৷গতিকে চাওঁ আহক আত্মবিশ্বাস বঢ়োৱাৰ পাঁচটি উপায় ৷ যাৰ জৰিয়তে আপুনি জীৱনৰ সফলতাৰ শিখৰত আৰোহন কৰিব পাৰিব ৷

নেতিবাচক চিন্তা চৰ্চাৰ পৰা নিজকে বচাই ৰাখিব ৷ কাৰণে নকৰাত্মক বা নেতিবাচক চিন্তাই জীৱনত আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে ৷ গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক ৷ যদি আপোনাৰ অফিচত কাম বেছি হয় তেন্তে,সেই কামক কেতিয়াও নকৰাত্মক ভাৱে নল’ব ৷ সেই কামক কেতিয়াও নোৱাৰো বুলি নাভাবিব ৷সেয়েহে নিজৰ নকৰাত্মক ভাৱক সকৰাত্মক ভাৱলৈ পৰিৱৰ্তন কৰক ৷

নিজৰ কাৰণে সময় উলিয়াওক ৷ কাৰণ ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ কাৰণে সময় উলিওৱাটো অত্যন্ত জৰুৰী ৷ জীৱনত যাতে কেতিয়াও নিৰাশ নহয় তাৰ কাৰণে সদায় প্ৰস্তুত থাকক ৷ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপসময় উলিয়াই ভাবক জীৱনৰ পৰা আপুনি কি বিছাৰে ৷ ভৱিষ্যতত আপুনি কি কৰিব বিচাৰে ৷ ভৱিষ্যতত যদি আপুনি নতুন সুবিধা পায় তেন্তে তাৰ কাৰণে আপুনি প্ৰস্তুত আছেনে? যদি আপুনি নিজক বিশ্বাস নকৰে তেন্তে আত্মবিশ্বাস কেতিয়াও বৃদ্ধি নাপায় ।

গতিকে আত্মবিশ্বাস বঢ়াবলৈ নিজক বিশ্বাস কৰাটো অত্যন্ত জৰুৰী ৷ যদি আপুনি নিজৰ কাৰণে সময় নুলিয়াই,নিজক সময় নিদিয়ে,তেন্তে আপুনি আপোনাৰ কাৰণে কিমান জানে সেই কথা নাজানিব ৷ ব্যস্ততাপূৰ্ণ জীৱনত চিন্তা চৰ্চা কৰিবলৈ সময় নাই ৷ জীৱনৰ প্ৰত্যেকটো স্তৰত আগবাঢ়ি যাবলৈ সকলো কথা বুজাটো অত্যন্ত জৰুৰী ৷

কাৰণ, সকলো কথা বুজি উঠিলে জীৱনত সচাঁ মিছা,ভূল শুদ্ধ সকলো চিনাক্ত কৰাত সুবিধা হয় ৷ অন্যহাতে জীৱনত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহক স্বীকাৰ কৰাটো অত্যন্ত জৰুৰী ৷ সকলো ব্যক্তিয়েই নিজৰ মতে থাকিবলৈ বিচাৰে। এনে সময়ত সেই ব্যক্তিজনক যদি কঠিন কাম এটা দিয়া হয় তেন্তে,সেই কামটোৰ প্ৰতি অনীহা হয় ,ভয় খাই যায়।

গতিকে জীৱনত আগবাঢ়ি যাবলৈ প্ৰত্যাহ্বানক স্বীকাৰ কৰক ৷ যেতিয়াই জীৱনত নতুন কাম এটা আৰম্ভ কৰিব তেতিয়াই ভিতৰত অন্তৰ্নিহিত হৈ থকা আত্মবিশ্বাসে সেই কামটোত সফলতা লাভ কৰাত সহায় কৰিব ৷ যিসমূহ লোকৰ আত্মবিশ্বাস আছে তেনে লোকসমূহৰ লগত বন্ধুত্ব স্থাপন কৰক ৷ কাৰণ তেনে লোকসমূহৰ পৰা আত্মবিশ্বাস বঢ়াব পাৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি