Begin typing your search above and press return to search.

জীৱন মৰণেৰে যুঁজিছে প্ৰকৃতিপ্ৰেমী বুদ্ধদেৱে

জীৱন মৰণেৰে যুঁজিছে প্ৰকৃতিপ্ৰেমী বুদ্ধদেৱে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:36 AM GMT

বঙাইগাঁও জিলাৰ বাসিন্দা বুদ্ধদেৱ চাহা বৃত্তিত এগৰাকী অসম চৰকাৰৰ বহুমুখী স্বাস্থ্যকৰ্মী আৰু প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশ আৰু বন্যপ্ৰাণী সংগঠনৰ সদস্য।বুদ্ধাদেৱৰ বয়স ৪০বছৰ,কিন্তু তেওঁ নাজানে যে তেওঁৰ বাবে মৃত্যু ৰৈ আছে।লিভাৰজনিত কোনো অসুখত ভুগি আছে বুদ্ধাদেৱ।তেওঁৰ পিতৃ কাশীনাথ চাহাও স্বাস্থ্যজনিত কিছুকাৰণৰ বাবে কিছুমাহ ধৰি বিচনা পৰি আছে। সাধাৰনতে অধিক পৰিমানে মাদক দ্ৰব্য সেৱনে মানুহৰ লিভাৰ বেয়া কৰে কিন্তু বুদ্ধাদেৱে মাদক দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকে।বঙাইগাঁও প্ৰসিদ্ধ ডাঃ সমিক দেৱে কৈছে যে,বিশুদ্ধ খোৱা পানীৰ ফলতো এনে বেমাৰ হ'ব পাৰে।

বুদ্ধাদেৱৰ পুত্ৰৰ বয়স মাত্ৰ ৪বছৰ হৈছে।শিশুটিয়ে নিজ পিতৃ আৰু ককাক এনেকৈ বিছনাত পৰি থকা দেখি একো ধৰিব পৰা নাই।তেওঁৰ পত্নী মৌয়ে কৈছে যে,চিকিৎসাৰ বাবে তেওঁলোকে টকা-পইচা সংগ্ৰহ কৰিছে।বুদ্ধাৰ অতি নিবিড় সম্পৰ্কৰ বন্ধু এগৰাকীয়ে মত প্ৰকাশ কৰি কৈছে যে,বুদ্ধাৰ প্ৰায় ৮০শতাইশ লিভাৰ বেয়া হৈছে আৰু লিভাৰ ট্ৰাণ্সপ্লেনত কৰিব লাগিব। তেওঁ হাইডৰাবাদৰ এছিয়ান ইনষ্টিটিউত অৱ গেষ্ট্ৰোলজিত ভৰ্ত্তি হৈ আছিল যদিও টকাৰ অভাৱৰ বাবে পুনৰ বঙাইগাঁওলৈ ঘূৰি আহিবলগা হয়।বৰ্তমান তেওঁ গুৱাহাটীৰ এ'পল হাস্পাতাল ভৰ্ত্তি হৈ আছে আৰু লিভাৰ ট্ৰাণ্সপ্লেনতৰ বাবে চেন্নাই নাইবা গুৰুগ্ৰামলৈ যাব পাৰিব।তেওঁৰ বন্ধু জয় চক্ৰৱৰ্ত্তীয়ে মত প্ৰকাশ কৰি কয় যে,এই লিভাৰ ট্ৰাণ্সপ্লেনত আৰু ঔষধ-পাতিৰ নামত প্ৰায় ৩৫লাখ টকা হ'ব।চিকিৎসাৰ বাবে বুদ্ধাই নিজৰ সম্পত্তি,পত্নীৰ আ-অলংকাৰ আৰু কিছু টকা পইচা তেওঁৰ বন্ধুৰ পৰা সংগ্ৰহ কৰিছে লগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই প্ৰকৃতিপ্ৰেমী লোক জনৰ জীৱন ৰক্ষাৰ বাবে সহায়ৰ হাত বিচাৰিছে এই দূৰ্ভগীয়া পৰিয়ালটিয়ে।

Next Story
চাকৰি