জীৱন যুদ্ধত হাৰ নমনা অভিনেত্ৰী মনীষা কৈৰালা

জীৱন যুদ্ধত হাৰ নমনা অভিনেত্ৰী মনীষা কৈৰালা
Published on

বলীউডৰ জনপ্ৰিয় মনীসা কৈৰালায়ে "হীল্ডঃ হাও কেন্সাৰ গীভ মী এ নিউ লাইফ" নামৰ গ্ৰন্থখনত কেন্সাৰ অসুখৰ পিছতো জীৱন যুদ্ধত হাৰি নগৈ আকৌ নতুন জীৱনৰ পাতনি মেলা সম্পৰ্কত উল্লেখ কৰাৰ লগতে অভিনয় জীৱনৰ আৰম্ভনি কথাও উল্লেখ কৰে ৷ অভিনেত্ৰী গৰাকীয়ে "১৯৪০ এ লভ ষ্ট’ৰী"ছবিখনৰ প্ৰসংগত কয় যে,ছবিখনৰ আৰম্ভনিতে স্কীণ টেষ্ট কৰিবৰ সময়ত প্ৰযোজক বিধু বিনোদ চোপ্ৰাক নিৰাশা কৰে অভিনেত্ৰী গৰাকীয়ে ৷ লগে লগে বিধু বিনোদ চোপ্ৰাই মনীষাক নাকচ কৰি অন্য কোনো অভিনেত্ৰীক ছবিখনৰ কাৰণে ল’ন্স কৰিবৰ কাৰণে সিদ্ধান্ত লয় ৷ আৰু বিধু বিনোদ চোপ্ৰাই বহুত নিম্ন মানদণ্ডৰ অভিনেত্ৰী বুলিও কয় মনীষাক ৷

ইয়াৰ পিছতে মনীষাই বিধু বিনোদ চোপ্ৰাক দ্বিতীয় বাৰৰ কাৰণ সুবিধা দিবৰ কাৰণে ২৪ ঘন্টাৰ সময় বিচাৰে ৷ আৰু কেতিয়াও জীৱনত হাৰি নোযোৱা মনীষা কৈৰালাই পুনৰ স্কীন টেষ্ট দিয়ে ৷ আৰু বিধু বিনোদ চোপ্ৰাৰ মন জয় কৰে ।লগতে মনীষাৰ অভিনয় ছোৱাৰ পিছত বিধু বিনোদ চোপ্ৰাই মন্তব্য কৰে যে, মনীষা কালি তুমি শূণ্য আছিলা,কিন্তু আজি তুমি ১০০ শতাংশই দিছা । মনীষা মোৰ ছবিত যদি তুমি এনেকৈয়ে অভিনয় কৰা তেন্তে মই মাধুৰী দিক্ষিতৰ ঠাইত তোমাকৈই ল’ম । এই প্ৰসংগত মনীষাই কয় যে এতিয়াও বিধু বিনোদ চোপ্ৰা উক্ত বাক্য কেইশাৰী মোৰ কাণত মৌ মাতৰ দৰে গুঞ্জৰিত হৈ আছে ৷

ইফালে কেন্সাৰ অসুখৰ সময়ত হোৱা অভিজ্ঞতাৰ সম্পৰ্কেও দোহাৰে মনীষাই ৷ কেন্সাৰ অসুখৰ কাৰণে মনীষী প্ৰায় পাঁচ বছৰ ব্ৰেক লৈছিল ৷ উল্লেখ্য যে মনীষা কৈৰালাৰ জন্ম হৈছিল নেপালৰ কাঠমাণ্ডুত ১৯৭০ চনৰ ১৬ আগষ্টত ৷ প্ৰসিদ্ধ কৈৰালা পৰিয়ালত জন্ম গ্ৰহণ কৰা মনীষা কৈৰালাই ১৯৯১ চনৰ সৌদাগৰ ছবিৰ জৰিয়তে হিন্দী ছবি জগতত ভূমূকি মাৰে ৷ ইয়াৰ পিছতে ১৯৪২ এ লভ ষ্ট’ৰী,অকেলে হম অকেলে তুম,বোম্বে,খামোশী,দ্যোমিউজিকেল, দিল সে, মন,লজ্জা আৰু কম্পনী আদি উল্লেখ যোগ্য ৷ জীৱন যুদ্ধত হাৰি নোযোৱা মনীষা কৈৰালা নতুন প্ৰজন্মৰ কাৰণে হ’ব পাৰে প্ৰেৰণাৰ উৎস।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com