Top
Begin typing your search above and press return to search.

জুৰীয়াত ডকাইতৰ গুলীত মহিলাৰ মৃত্যু

জুৰীয়াত ডকাইতৰ গুলীত মহিলাৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Oct 2018 5:18 AM GMT

নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । বগুৰিগুৰী গাৱঁৰ প্ৰতিষ্ঠিত মৰাপাট ব্যৱসায়ী ফক্কৰ উদ্দিনৰ ঘৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা ৷ ছজনীয়া ডকাইতৰ দলটোৱে ঘৰৰ দোৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰি লুট পাট চলাই থাকোতে ব্যৱসায়ীজনৰ পত্নী হাপচিনা বেগমে বাধা প্ৰদান কৰাত ডকাইতৰ দলটোৱে বুকুত গুলীয়াই গুৰুতৰ ভাবে আহত কৰে ৷ পিছত ৰাইজে অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ লৈ যায় যদিও আদবাটতে তিনি সন্তানৰ মাতৃ হাচপিনাৰ মৃত্যু হয় ৷ ডকাইতৰ দলটোৱে ব্যৱসায়ী ফক্কৰৰ ঘৰৰ পৰা লুটি নিয়ে নগদ ধন আৰু আ অলংকাৰ সহ দহ লক্ষাধিক টকাৰ সম্পত্তি ৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা।

Next Story