পুলোৱামা কাণ্ডক তীব্ৰ গৰিহণা ইউ এন এচ চিৰ

পুলোৱামা কাণ্ডক তীব্ৰ গৰিহণা ইউ এন এচ চিৰ
Published on

১৪ ফেব্ৰুৱাৰীত পুলোৱামাত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে কৰা বৰ্বৰ আক্ৰমণৰ পাছত সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদ চমুকৈ ইউএনএচচিয়ে তীব্ৰ নিন্দা কৰি প্ৰস্তাৱ উত্থাপন কৰিছে । এই ঘটনাত ভাৰতৰ ৪০ জনকৈ সেনা জোৱান নিহত হৈছিল । এই প্ৰস্তাৱ উত্থাপন কৰাত ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ফ্ৰান্সে সহায় কৰে । ইউ এন ডি এচ চি যোগেদি জেইছ- ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিষিদ্ধ ঘোষণা কৰাত ফ্ৰান্সে পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।

সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ ৰাষ্ট্ৰ সমূহে পুলোৱামা কাণ্ডত শ্বহীদ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহত সকলৰ আৰোগ্য কামনা কৰে । সন্ত্ৰাসবাদ সমগ্ৰ বিশ্বৰ বাবে এক ভাবুকিস্বৰূপ হৈ পৰিছে ।

উল্লেখযোগ্য যে চীনে সুৰ সলনি কৰি পাকিস্তানৰ বিৰুদ্ধে থিয় হয় । ইউ এন এচ চি ৰাষ্ট্ৰ সমুহৰ সৈতে চীনেও সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে । পুলোৱামা কাণ্ডৰৰ পাছতে সমগ্ৰ বিশ্বয়ে পাকিস্তানক তীব্ৰ নিন্দা কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com