Begin typing your search above and press return to search.

জেএমচিএইচত মাজুলীৰ ৰোগীৰ বাবে সুকীয়া অপিডি

জেএমচিএইচত মাজুলীৰ ৰোগীৰ বাবে সুকীয়া অপিডি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:52 AM GMT

যোৰাহাট চিকিৎসা মহবিদ্যালয় আৰু হাস্পাতালৰ জনসম্পৰ্কৰক্ষীৰ বিষয়া ডাঃ নিলোৎপল ভট্টাচাৰ্য্য যোৱা দেওবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি,মাজুলীবাসীৰ বাবে সুকীয়াকৈ আউট পেছেণ্ট ডিপাৰ্টমেণ্ট(অপিডি) তথা ৰোগী চোৱাৰ বহিঃবিভাগ এটি মুকলি কৰা হয়।

ডাঃ ভট্টাচাৰ্য্যই মত প্ৰকাশ কৰা অনুসৰি,যিসকল ৰোগী মাজুলীৰ পৰা আহে তেওঁলোকৰ বাবে সুকীয়া অপিডি বিভাগ মুকলি কৰা হৈছে,কাৰন তেওঁলোকে চিকিৎসাৰ বাবে বহু দুৰ বাট আহিব লাগে লগতে নাওৰে যাত্ৰা কৰিব লগা হয় আৰু সেই একে দিনা খনে ঘৰলৈ উভতিবলগা হয় আৰু সকলো লোকৰ বাবে হোটেল লৈ থকাটোও সম্ভৱপৰ নহয়।

এতিয়া মাজুলীৰ পৰা ৰোগী সকল আহোতে লগত পৰিচয় পত্ৰ যেনে; ভোটাৰ কাৰ্ড,ৰেচন কাৰ্ড,বিজুলী বিল নাইবা ৰছিদ নাইবা বেংক পাছবুক নাম পঞ্জীয়নৰ বাবে লগত লৈ আহিব লাগিব। টিকট লবৰ বাবে মাত্ৰ ১০টকা প্ৰদান কৰিব লাগিব আৰু তাৰপিছত যিকোনো পৰীক্ষাৰ কৰাব পাৰিব। এই নতুন পদক্ষেপে মাজুলীবাসী তথা ৰোগী সকলৰ বাবে কম সময়তে কাম সম্পন্ন হ'ব বুলি মত প্ৰকাশ কৰে ডাঃ ভট্টাচাৰ্য্যই।

Next Story
চাকৰি