জেলত থকা কয়দীৰ সন্তানৰ ভৱিষ্যৎ জীৱন গঢ় দিছে তামিলনাডুৰ এজন যুৱকে

কোনো হিট কাম এটা কৰাৰ যদি আগ্ৰহ থাকে তেন্তে সেই কামৰ বাবে পথ নিজে নিজে খোল খায়।এই ক্ষেত্ৰত শিক্ষাৰ কথা তেনেই সুকীয়া,কিয়নো শিক্ষাই মানুহৰ জীৱন অন্ধকাৰৰ পৰা পোহৰলৈ আনে । আমাৰ আজিৰ কাহিনী ভাগ হৈছে এনে এজন ব্যক্তিৰ যিয়ে এনে কিছুমান ল'ৰা-ছোৱালীৰ জীৱন গঢ় দিয়াৰ দায়িত্ব গ্ৰহন কৰিছে যিসকলৰ পিতৃ-মাতৃ বৰ্তমান জেলৰ ভিতৰত কয়দীৰ জীৱন জীয়াই আছে । সেই ব্যক্তি জন হৈছে, গ্লৱেল নেটৱৰ্কৰ প্ৰতিষ্ঠাপক কে আৰ ৰাজা ।
লক্ষ্মী নামৰ এগৰাকী কিশোৰীৰ পিতৃয়ে নিজৰ পত্নী অৰ্থাৎ লক্ষ্মীৰ মাতৃক হত্যা কৰাৰ অপৰাধত দেউতাকক তামিলনাডুৰ তিৰুনেলবালি জিলাৰ পলায়মকৌট্টই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰন কৰি যাৱজ্জীৱন কাৰাদণ্ড শাস্তি প্ৰদান কৰে । ঠিক এই সময়ত পিতৃ-মাতৃ নোহোৱা নিথৰুৱা ছোৱালী জনীৰ ভৱিষ্যৎটি স্তব্ধ হৈ যাব বুলি ৰাজাই এই সু পদক্ষেপটি হাতত লয় । এই ঘটনাটিৰ পিছত লক্ষ্মীয়ে নিজ আইতাকৰ সৈতে বাস কৰি আছিল যদিও আৰ্থিক সমস্যাৰ বাবে ১৩ বছৰ বয়সতে আধাতে পঢ়া এৰিবলগা হয় লক্ষ্মীয়ে। কিন্তু ৰাজাৰ এটা সুন্দৰ পদক্ষেপে লক্ষ্মীৰ জীৱন আন্ধাৰ হোৱাৰ পৰা উভতিল পোহৰলৈ।এতিয়া ১৭বছৰীয়া লক্ষ্মীৰ পঢ়া সম্পূৰ্ন হৈ চেন্নাই সত্যভামা ইনষ্টিটিউট অৱ চায়েঞ্ছ এণ্ড টেক্টনলজিত অধ্যয়ন কৰিবলৈ শেষৰ বছৰটোতে ছাত্ৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল লক্ষ্মীয়ে নহয় লক্ষ্মীৰ দৰে ১৮বছৰ উৰ্ধৰ মুঠ ২০০গৰাকী ল'ৰা-ছোৱালীৰ জীৱন গঢ়ে ৰাজাই।
ৰাজাই শিক্ষাৰ মাধ্যমৰে ল'ৰা-ছোৱালী সকলৰ বাবে এক নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজাই মত প্ৰকাশ কৰি কৈছে যে ; "শিক্ষাৰ মাধ্যমৰে ল'ৰা-ছোৱালীক কঠিন কৰি গঢ়ি তুলিব পাৰি,শিক্ষাই হৈছে একমাত্ৰ মাধ্যম যাৰ জৰিয়তে ল'ৰা - ছোৱালীয়ে ভৱিষ্যৎ জীৱনৰ প্ৰগতি কৰিব পাৰে । ইয়াৰ উপৰিও এনে ল'ৰা-ছোৱালী সকল শিক্ষাৰ অভাৱত কোনো অপৰাধ জনিত নাইবা শিশু শ্ৰমিক আদিৰ দৰে কামত লিপ্ত হ'ব নালাগে" ।
ৰাজাই ৭ বছৰ পূৰ্ৱেই কয়দীৰ সন্তান সকলক শিক্ষা প্ৰদান কৰাৰ দায়িত্ব তথা কাৰ্য্যক্ৰম হাতত লৈছিল,কিন্তু সেই সময়ত তেওঁৰ হাতত শিক্ষা আৰু ভাল কিবা এটা কৰাৰ আগ্ৰহৰ বাহিৰে অন্য কোনো ধৰনৰ অস্ত্ৰ নাছিল। ৰাজাই কেতিয়াও বিচৰা নাছিল যিসকল অপৰাধী জেলত থাকিব লগা হৈছিল তেওঁলোকৰ সন্তানে সেই বেয়া তথা অপৰাধ জগত খনৰ দিশত গতি কৰাটো ।
ৰাজাৰ এই চেষ্টা,আগ্ৰহ সুপদক্ষেপৰ বাবে তেওঁক চলাম ।