Begin typing your search above and press return to search.

জেষ্ঠ সাংবাদিক বসন্ত শৰ্মা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে অসুস্থ

জেষ্ঠ সাংবাদিক বসন্ত শৰ্মা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে অসুস্থ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2018 11:13 AM GMT

যোৱা ৩০ অক্টোবৰত নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অধীনস্থ ঘাঁহীত এক পথ দুৰ্ঘটনাত পতিত হৈ জেষ্ঠ সাংবাদিক তথা নগাঁৱৰ দক্ষিণপাট সত্ৰ নিৱাসী বসন্ত শৰ্মা বিগত আঠদিন ধৰি গুৱাহাটী ৰ ছয়মাইলস্থিত জি. এন. আৰ. চি হস্পিতালৰ ICU ত চিকিৎসাধীন হৈ থকা খবৰে উদ্বিগ্ন কৰি তুলিছে তেখেত ৰ পৰিয়ালবৰ্গ লগতে শুভাকাংক্ষীসকলক ।

পৰিয়াল ৰ সূত্ৰে জানিব পৰামতে, ৩০ অক্টোবৰৰ পুৱা শৰ্মাই তেওঁৰ ভাগিন অভয় গোস্বামীক নগাঁও চহৰস্থিত খ্ৰাইষ্টজ্যোতি বিদ্যালয়ত থ'বলৈ তেখেতৰ AS01 BX 3121 নম্বৰৰ মটৰচাইকেলেৰে গৈ থকা অৱস্থাত একেদিশেৰে আহি থকা AS 02 V 2944 নম্বৰৰ এখন আই টেন গাড়ীখনে খুন্দা মাৰে। ফলত মটৰ চাইকেলসহ দুয়ো পথৰ পৰা বহু দূৰৈত ছিটিকি পৰে। দুৰ্ঘটনাটোৰ ফলত ভাগিন অভয় সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও শৰ্মাৰ মূৰৰ পৰা অত্যধিক হাৰত ৰক্তক্ষৰণ হ'বলৈ ধৰে ।

লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত শৰ্মাক '১০৮ মৃত্যুঞ্জয় সেৱা' ৰ বাহনেৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেইদিনাই শৰ্মাক গুৱাহাটীৰ জি.এন.আৰ.চি হস্পিতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত ICU কক্ষতে শৰ্মাৰ চিকিৎসা চলাই থকা হৈছে।

উল্লেখ্য যে, এসময়ৰ বহুল প্ৰচলিত দৈনিক বাতৰি কাকত 'আজিৰ বাতৰি' ত নগাঁও জিলাৰ সংবাদদাতা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা বসন্ত শৰ্মাই সাপ্তাহিক কাকত ৰংপুৰ, নতুন সময় আদিতো সংবাদ সেৱাৰ লগতে ধাৰাবহিকভাৱে প্ৰৱন্ধ লিখি গৈছিল। জনপ্ৰিয় দৈনিক বাতৰি কাকত 'আজি' আৰু 'অগ্ৰদূত' ৰ উপ-সম্পাদক ৰূপেও কৰ্মৰত আছিল শৰ্মা।পৰৱৰ্তী সময়ত বৈদ্যুতিন সংবাদ মাধ্যম প্ৰাইম নিউজ আৰু প্ৰাগ চেনেলত জেষ্ঠ সাংবাদিকৰূপে কৰ্ম সম্পাদন কৰা শৰ্মাৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে।

Next Story
চাকৰি