Begin typing your search above and press return to search.

জে পি চিৰ বৈঠক অমীমাংসিত

জে পি চিৰ বৈঠক অমীমাংসিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2018 8:55 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)ক লৈ গঠিত যুটীয়া সংসদীয় সমিতিৰ মংগলবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন গুৰুত্বপুৰ্ণ বৈঠক

অমীমাংসিত ৰূপে সামৰণি পৰে।অসম গণ পৰিষদৰ নেতা সকলে বৈঠকখন অনুষ্ঠিত হোৱা ঠাইত উপষ্ঠিত থাকি বিধেয়ক খনৰ প্ৰচণ্ড বিৰোধিতা কৰে।যুটীয়া সংসদীয় সমিতিৰ সচিব জে পি আগৰৱালাই নৱেম্বৰৰ ২৭ তাৰিখে পুনৰ সমিতিৰ সদস্য সকলে সংশোধনীৰ প্ৰস্তাৱবোৰ পুংখানুপুংখভাবে আলোচনাৰ বাবে মিলিত হব বুলি কয়।

ইফালে মংগলবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত ৩০ জনীয়া সমিতিখনৰ বহু সদস্যই আমন্ত্ৰণ লাভ নকৰা বাবে পুনৰাই ২৭ তাৰিখত মিলিত হব বুলি এক সুত্ৰই প্ৰকাশ কৰে আৰু প্ৰয়োজন হলে ডিচেম্বৰৰ ৬ তাৰিখে বিধেয়কখনৰ সম্পুৰ্ণ সংশোধনী সন্দৰ্ভত আলোচনাৰ বাবে তৃতীয়বাৰৰ বাবে সমিতিয়ে মিলিত হব বুলি জে পি চিৰ এজন সদস্যই কয়।ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি আহিছে।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি