জোনাকী চলচ্চিত্ৰ মহোৎসৱ ২০১৮ ৰ প্ৰস্তুতি তুংগত

জোনাকী চলচ্চিত্ৰ মহোৎসৱ ২০১৮ ৰ প্ৰস্তুতি তুংগত
Published on

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে ৫০ টা বৰ্ষ অতিক্ৰম কৰিলে৷আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱৰ পিছত অহা ২৯ আৰু ৩০ নৱেম্বৰ তাৰিখে বিভাগৰ শিক্ষাৰ্থীসকলৰ উদ্যােগত "জোনাকী" শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰক এক মঞ্চ প্ৰদানৰ জৰিয়তে শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাটো এই মহোৎসৱৰ মূলমন্ত্র |

অসমীয়া,বড়ো,ৰাভা,মিছিং,বাংলা,নাগামিজ,মণিপুৰী ভাষাৰ মুঠ ১৩ খন চলচ্চিত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আৰু অসম আৰ্হিৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ'ব৷ তদুপৰি ২৯ নৱেম্বৰত "চলচ্চিত্ৰ নিৰ্মাণ" আৰু ৩০ নৱেম্বৰত "চিত্ৰনাট্য লিখন" সৰ্ম্পকত দুটা কৰ্মশালাৰ আয়োজন কৰা হৈছে৷উক্ত চলচিত্ৰ মহোৎসৱৰ শুভাৰম্ভণি কাংবা লাভজয় দ্বাৰা পৰিচালিত মণিপুৰী চিনেমা "MY FATHER'S LETTER" প্ৰদৰ্শন কৰি কৰা হ’ব । তদুপৰি মহোৎসৱৰ প্ৰথম দিনা চাংগে দৰ্জী থংদকৰ দ্বাৰা পৰিচালিত ২০১৩ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অৰুণাচলী চিনেমা "CROSSING BRIDGES" , কংকণ ডেকাৰ দ্বাৰা পৰিচালিত অসমীয়া চিনেমা "বিউটিফুল লাইভছ" , ৰীমা বৰাৰ দ্বাৰা পৰিচালিত অসমীয়া চিনেমা "বকুল" , সুৰজ দুৱৰাৰ দ্বাৰা পৰিচালিত ৰাভা ভাষাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ "অৰং - Strangers In The Mist" , ভাস্কৰ জ্যোতি মহন্তৰ 2013 চনত সংগীত পৰিচালক শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচিত্ৰ "যুগদ্ৰষ্টা" ।

মহোৎসৱৰ দ্বিতীয় দিনা প্ৰদৰ্শিত হব ববী শৰ্মা বৰুৱাৰ দ্বাৰা পৰিচালিত চলচিত্ৰ "সোণাৰ বৰণ পাখি" , টাইকুমজুক আয়েৰৰ দ্বাৰা পৰিচালিত নাগামিজ ভাষাৰ চলচিত্ৰ " Nana - A Tale Of Us" , দ্বীপ চৌধুৰীৰ দ্বাৰা পৰিচালিত "অলিফা" , ধ্ৰুৱ বৰদলৈৰ দ্বাৰা পৰিচালিত "দূৰণিৰ নিৰলা পজা" , ভদা খেৰকেটাৰী দ্বাৰা পৰিচালিত বড়ো ভাষাৰ চলচিত্ৰ "চিলিংখাৰ" , নাৰায়ণ ছিল পৰিচালিত "লী-লেন" । ঝুলান কৃষ্ণ মহন্তৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ চলচিত্ৰ "নদী মাথোঁ বয়" প্ৰদৰ্শনৰে মহোৎসৱৰ সামৰণি পেলোৱা হ’ব ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সংগীত শিল্পী জুবিন গাৰ্গ,বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা,জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা,প্ৰযোজক তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, বিশিষ্ট চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী,বাদ্যযন্ত্রী ৰাজা বৰুৱা,অভিনেত্ৰী জেৰিফা ৱাহিদ,অমৃতা গগৈ,ডা: জাহানাৰা বেগম,পৰিচালক কেনী বসুমতাৰী,ধ্ৰুবজ্যোতি বৰদলৈ,দীপ চৌধুৰী,কংকন ডেকা,ঝুলন কৃষ্ণ মহন্ত।

মহোৎসৱৰ পৌৰহিত্য কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা আৰু আদৰণি ভাষণ প্ৰদান কৰিব বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° সুৰেশ কুমাৰ নাথে | যোগাযোগ অাৰু সাংবাদিকতা বিভাগৰ বিভাগীয় মুৰব্বী ড° অংকুৰণ দত্ত,বিভাগীয় প্ৰতিনিধি পলাশ জ্যোতি বৰা আৰু জোনাকীৰ সমন্বয়ক সুব্ৰত দত্তই চলচ্চিত্ৰপ্ৰেমী ৰাইজক এই মহোৎসৱত অংশগ্ৰহণৰ বাবে আহ্বান জনায় ৷

অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com