Begin typing your search above and press return to search.

জো-ৰোড বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে (NIA)

জো-ৰোড বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে (NIA)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 May 2019 6:31 AM GMT

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ নিয়ায়ে বুধবাৰে জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণৰ তদন্ত কৰিব । এই ঘটনাত ১২ জনকৈ লোক আহত হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰিছে । আহত সকলৰ দুজন এচ এচ বি জোৱান আছিল ।

বিস্ফোৰণ সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মহানগৰৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয় আৰু আৰক্ষীক গুৱাহাটীৰ প্ৰত্যেক প্ৰান্ততে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে ।

স্থানীয় লোকে প্ৰকাশ কৰা মতে, মটৰ চাইকেলত অহা দুজন যুৱকে জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত আৰক্ষী আৰু চিএপিএফে তালাচী থকা অবস্থাত নিৰাপত্তা ৰক্ষীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে। উল্লেখযোগ্য যে সন্ধিয়া সময়ত এই অঞ্চলটোত যথেষ্ট লোকৰ সমাগম হয়।

আহত সকলক গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ লগতে মহানগৰীৰ আন হস্পিতালত ভৰ্তি কৰোৱা হয় ।

আহত দুজন এচ এচ বি জোৱানৰ নাম হৈছে এ এচ আই ৰমেশ লাল আৰু কনিষ্টবল অমুল্য লালান । দুয়োজনে জি এম চি এইচত চিকিৎসাধীন হৈ আছে।

গোলাঘাটৰ ফাৰদিন হুছেইন ৰহমান (২১) , গুৱাহাটীৰ গীত নগৰৰ অমিত কুমাৰ কান্থাল, অমিত কুমাৰৰ জীয়াৰী ৰিয়া কান্থাল (১৫) , চুলতান জাহিদুৰ ৰহমান (৫২), বিজয় কুমাৰ চাও (২২), কল্যাণ বৈশ্য (২৮), হিৰক জ্যোতি বৰুৱা(২৬), লালা কুমাৰ য়াদব (১৬), এডৱাদ হামাৰ (১৮) এই বিস্ফোৰণত আহত হৈছে । আৰক্ষীয়ে বিস্ফোৰণত ১১ জন লোক আহত হৈছে বুলি প্ৰকাশ কৰিছিল ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰকাশ কৰে যে এই ঘটনা সংঘটিত কৰি কাপুৰুষালি প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ লগত দোষীক শীঘ্ৰেই আটক কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে আলফা-l য়ে নিৰাপত্তা ৰক্ষীৰ ওপৰত কৰা এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ।

আনহাতে ডিজিপি কুলধৰ শইকীয়ায়ে প্ৰকাশ কৰে যে কিছুদিনৰ পৰা আৰক্ষীয়ে লোক সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিস্ফোৰণৰ প্ৰাৰম্ভিক তদন্ত ইতিমধ্যে আৰম্ভ হৈছে । উগ্ৰপন্থীৰ বিৰুদ্ধে কৰা কৰা অভিযানৰ বাবে নিৰাপত্তা ৰক্ষীক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰে বুলি প্ৰকাশ কৰে। আমাৰ অনুসন্ধান অব্যাহত আছে বুলি প্ৰকাশ কৰে। "

ৰাজ্যিক মন্ত্ৰী পীযুছ হাজৰিকায়ে জিএমচিএইচত উপস্থিত হৈ আহত সকলৰ খবৰ লয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি