Begin typing your search above and press return to search.

ৰাজীৱ ভৱনত কংগ্ৰেছী জয়নাথ শৰ্মাৰ সংবাদমেল: অগপক প্ৰবঞ্চক আখ্যা

ৰাজীৱ ভৱনত কংগ্ৰেছী জয়নাথ শৰ্মাৰ সংবাদমেল: অগপক প্ৰবঞ্চক আখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2019 11:56 AM GMT

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অগপ আৰু বিজেপি ৰ পুনৰ মিত্ৰতা গঢ়ি উঠাৰ পাছত প্ৰাক্তন অগপ নেতা আৰু বৰ্তমান কংগ্ৰেছৰ মুখপাত্ৰ জয়নাথ শৰ্মাই আজি সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি কয় যে অগপই অসমৰ ৰাইজক প্ৰবঞ্চনা কৰি বিজেপিৰ লগত মিত্ৰতা কৰিলে বুলি কৰে|

বিজেপিৰ ৰাজনৈতিক সিদ্ধান্তৰ সৈতে অগপই হাত মিলালে বুলি মন্তব্য কৰে শৰ্মাই। বিজেপিৰ ৰাজনৈতিক সিদ্ধান্ত নাগৰিকত্ব সংশোধনি বিধেয়ক গৃহীত কৰা বুলিও তেওঁ প্ৰকাশ কৰে ।

ইয়াৰোপৰি জাতি ধংসকাৰী নাগৰিকত্ব সংশোধনি বিধেয়ক খন বিজেপিয়ে আনিছিল বুলি দাবী কৰি জয়নাথ শৰ্মাই কয় "নাগৰিকত্ব সংশোধনি বিধেয়কখন কংগ্ৰেছৰ হেঁচাত উত্থাপন কৰিব নোৱাৰিলে। অমিত শ্বাহে বিধেয়ক খন পুনৰ আনিম বুলি কৈ গৈছিল।" কিন্তু তাৰ পাছতো ক্ষমতাৰ লোভত জাতীয়তাবাদী শক্তি ভৰিৰে মোহাৰি মিত্ৰতা কৰিলে অগপয়ে বুলি প্ৰকাশ কৰে ।

অতুল বৰাই কৈছিল নিজৰ মাতৃৰ আহ্বানত মিত্ৰতা ভংগ কৰিছিল।অসমীয়া ৰাইজে তেওঁক অনুমতি দিছে নেকি জাতিটোক ধ্বংস কৰিবলৈ? অতুল বৰালৈ প্ৰশ্ন কৰে জয়নাথ শৰ্মাই।

ইয়াৰোপৰি অসমৰ হাজাৰ হাজাৰ জাতীয়তাবাদী নেতাক আন্ধাৰত ৰাখি কিয় মিত্ৰতা কৰিলে অগপই। এই কথা ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনায়।

৩ কোটি ১৫ লাখ ভোট জলকীয়া বিতৰণ নকৰাকৈ, বিতৰণ কৰা বুলি ভূৱা তথ্য দি এক ডাঙৰ কেলেংকাৰী হৈছিল বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল । এই কেলেংকাৰীৰ সৈতে অতুল বৰা জড়িত আছিল নেকি?সেইকাৰণে বিজেপিৰে পুনৰ মিত্ৰতা কৰিলে নেকি বুলি প্ৰশ্ন কৰে সাংবাদমেলত জয়নাথ শৰ্মাই ।

লগতে অগপৰ দুমুখীয়া নীতি পোহৰলৈ আহিছে বুলিও তেওঁ মন্তব্য কৰে। "বিজেপিয়ে অসমৰ বিশেষঃ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰিলে।কিন্তু অগপ ই প্ৰতিবাদ কৰা নাই।" বুলিও প্ৰকাশ কৰে ।

অগপ আৰু বিজেপি ৰ পুনৰ মিত্ৰতা পাছত এনেদৰে তীব্ৰ সমালোচনা কৰে প্ৰাক্তন অগপৰ নেতা জনে। তদুপৰি অগপ নেতাই চোৰৰ দৰে গৈ মিত্ৰতা কৰিলে বুলিও জয়নাথ শৰ্মাই মন্তব্য কৰে। লগতে কেইজনমান নেতাৰ গোপন এজেণ্ডা লৈ বিজেপিৰে মিত্ৰতা কৰিলে বুলি কয়।

ৰাজ্য সভাৰ এখন আসন দিলেও ক্ষান্ত থাকিব অগপ নেতৃত্ব এই বুলি কটাক্ষ্য কৰে জয়নাথ শৰ্মাই।

লগতে তেওঁ প্ৰকাশ কৰে যে অগপ বিজেপিৰ মিত্ৰতাই ক্ষতি নকৰে কংগ্ৰেছৰ।মোদীৰ মিছা প্ৰতিশ্ৰুতি ৰাইজে বুজি পাইছে, গতিকে জনসাধাৰণে এইবাৰ মোদীক আদৰি নলয়।

কংগ্ৰেছক প্ৰতিহত কৰিবলৈ অগপ আৰু বিজেপি ৰ পুনৰ মিত্ৰতাৰ পাছত এনে দৰে জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গ'ল জয়নাথ শৰ্মা।

Next Story
চাকৰি