Begin typing your search above and press return to search.

জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:09 AM GMT

অ'এনজিচিৰ ১০০ কোটি টকীয়া লোহাৰ পাইপ,অশোধিত তেলৰ চোৰাং সৰবৰাহত জড়িত জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এ গগৈক শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকে নিলম্বন কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজন অ'এনজিচিৰ কোটি টকীয়া কেলেঙ্কাৰীটোৰ অনুসন্ধানকাৰী বিষয়া আছিল,যত বহুত প্ৰতিস্থিত ব্যৱসায়ীৰ লগতে অ'এনজিচিৰ শীৰ্ষস্থানীয় বিষয়া কেলেঙ্কাৰীটোত জড়িত হৈ আছিল।কেলেঙ্কাৰীটোৰ অনুসন্ধানৰ কাম বিষয়াজনে সঠিকভাৱে আগবঢ়াব নোৱাৰাৰ লগতে সাত মাহত মাত্ৰ ছয় জন সৰবৰাহকাৰীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জনৰ বিৰুদ্ধে ব্যৱসায়ী আৰু অ'এনজিচিৰ শীৰ্ষ বিষয়া সকলৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ উঠিছিল,তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী বিষয়া জনে কোনোধৰনৰ ব্যৱস্থা লোৱা নাছিল।ছচিয়েল মিডিয়াত শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে অ'এনজিচি কেলেঙ্কাৰীক লৈ বহুত সমালোচনা হৈ থকা সময়তে জিলাখনৰ আৰক্ষী অধীক্ষকে বিষয়া জনক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Next Story