
কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ গঢ়া প্ৰতিস্থান জৱাহৰ নৱোদয় বিদ্যালয় পুনৰ চৰ্চালৈ আহিছে।কাৰ্বিআংলং জিলাৰ বৈঠালাংছ'ত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰী সকলে আজি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে পুৱাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতকলৈ হেতালী খেলাৰ অভিযোগ বৈঠালাংছ জৱাহৰ নৱোদয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ। প্ৰধান শিক্ষক দীনেশ বাবু যাদৱৰ বদলিৰ লগতে খোৱাপানী আৰু অন্যান্য বিভিন্ন সমস্যা সমাধানৰ দাবীত পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰী সকলে অনাহাৰে থাকি প্রদিবাদেৰে উত্তাল কৰিছে বিদ্যালয় খনৰ চৌহদ।