Begin typing your search above and press return to search.

ঝাৰখণ্ডত নক্সালবাদীৰ আক্ৰমণত অসমৰ তিনি জন কোব্ৰা জোৱান আহত

ঝাৰখণ্ডত নক্সালবাদীৰ আক্ৰমণত অসমৰ তিনি জন কোব্ৰা জোৱান আহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2019 7:15 AM GMT

মংগলবাৰে ঝাৰখণ্ডৰ খাৰশ্বাৱান জিলাৰ চাৰাইকলা অঞ্চলত সংঘটিত বিস্ফোৰণত চি আৰ পি এফ আৰু ঝাৰখণ্ড আৰক্ষীৰ প্ৰায় ১৫ জন লোক আহত হয় । পুৱা ৪.৫৩ ত আই ই ডি বিস্ফোৰণ সংঘটিত কৰে। এই আক্ৰমণ নক্সালবাদীয়ে কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে । আহত সকলৰ ৩ জন অসমৰ কোব্ৰা জোৱান আছিল ।

১৫ জন আহত হোৱা সকলৰ ভিতৰত কোব্ৰা জোৱানৰ ১৩ জন আহত আৰু ২ জন ঝাৰখণ্ড আৰক্ষী আহত হয় ।

৩ কোব্ৰা জোৱান কামৰূপ জিলাৰ বকোৰ মিজানোৰ ৰহমান,কামৰূপ জিলাৰ ৰঙিয়াৰ ডিমো সুনীল কলিতা, নগাঁও জিলাৰ হোজাইৰ শম্ভু মালাহ । তেওঁলোকক বৰ্তমান ঝাৰখণ্ডৰ ভগৱান মহাবীৰ মেডিকেল চুপাৰ স্পেলিটি হস্পিতালত ভৰ্তি কৰোৱা হৈছে ।

মিজানোৰ ৰহমানৰ ৪ বছৰ ধৰি ২০৯ বেটেলিয়ানত আছে । তেওঁৰ পত্নী আৰু ৪ বছৰীয়া পুত্ৰ বকোত থাকে । মিজানোৰ ৰহমানৰ পত্নী বিউতি বেগমে প্ৰকাশ কৰে যে এই ঘটনাটো পুৱা ৪.৩০ ত সংঘটিত হৈছিল । তেওঁক ৬.২৭ খবৰ দিয়া হয়। দৈব্য ক্ৰমে তেওঁলোক ৰক্ষা পৰে । বৰ্তমান তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁ ৰাজহাড় আৰু বাঁও হাতত আঘাত পাইছে বুলি প্ৰকাশ কৰে।

যোৱা বছৰ ঝাৰখণ্ডৰ এম্বুচত মেঘালয়ৰ বাজেনদবাৰ উৎপল ৰাভা নিহত হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি