টাইবেকাৰত ডেনমাৰ্কক পৰাস্ত কৰি অন্তিম ৮ ক্ৰোয়েচিয়া

টাইবেকাৰত ডেনমাৰ্কক পৰাস্ত কৰি অন্তিম ৮ ক্ৰোয়েচিয়া

নিজনি নভ'গোল্ড ষ্ট্ৰেডিয়ামত ৰবিবাৰে অনুস্থিত চতুৰ্থখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ক্ৰোয়েচিয়াই টাইবেকাৰত ৩-২ গ'লত ডেনমাৰ্কক পৰাস্ত কৰি অন্তিম ৮ত প্ৰৱেশ কৰিছে।মেচৰ প্ৰথম মিনিটতে মেথিয়াচ জৰ্জেনচনে গ'ল কৰি ডেনমাৰ্কক অগ্ৰগতি লাভ কৰে যদিও ৪মিনিটতে ক্ৰোয়েচিয়াৰ হৈ মাৰিঅ' মেন্ডজুকিকে দৰ্শনীয় গ'ল কৰি সমতা স্থাপন কৰে।১-১ ব্যৱধানত খেলখন সামৰনি পৰাৰ পাছত টাইবেকাৰত ৩-২ গ'লত ডেনমাৰ্কক পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com